NORTHEAST NOW (Assamese)

আমেৰিকাত নিৰাপদ নহয় ভাৰতীয়! এইবাৰ বন্দুকধাৰীৰ গুলীত নিহত চিকিৎসা বিজ্ঞানৰ ছাত্ৰ

November 25, 2023 11:37 am · এন ই নাও নিউজ, গুৱাহাটী

আজিৰ পৰা মাত্ৰ কিছুদিন আগতে আমেৰিকাৰ ইণ্ডিয়ানা জিমত হত্যাৰ বলি হৈছিল ২৪ বছৰীয়া ভাৰতীয় ছাত্ৰ বৰুণ ৰাজ পূচাক। 

বৰুণ ৰাজ পূচাকক হত্যা কৰা দুসপ্তাহ নহওতেই আমেৰিকাত আকৌ হত্যা কৰা হৈছে আন এজন ভাৰতীয় ছাত্ৰক। 

জানিব পৰা মতে ভুক্তভোগী ছাত্ৰ জনৰ নাম আদিত্য আদখালাই। ২৬ বছৰীয়া আদিত্যই ইউনিভাৰ্চিটি অৱ চিনচিনাটি মেডিকেল স্কুলত আণৱিক আৰু বিকাশমূলক জীৱবিজ্ঞানত পি এইচ ডি কৰি আছিল। 

ঘটনাৰ বিৱৰণ অনুসৰি যোৱা ৯ নৱেম্বৰত ৱেষ্টাৰ্ণ হিলছ ভায়াডাক্টৰ এজন মটৰচাইকেল আৰোহীয়ে চিনচিনাটি আৰক্ষীক ফোন কৰি কয় যে বন্দুকৰ গুলীয়ে ফুটাই থোৱা এখন গাড়ী পথৰ দাঁতিত ৰৈ আছে আৰু তাৰ ভিতৰত এজন গুলীবিদ্ধ যুৱক আছে।

আৰক্ষী আহি দেখে যে গাড়ীত গুলীৰ স্পষ্ট চিন আছে আৰু আৰু গুলিবিদ্ধ আদিত্য অচেতন হৈ পৰি আছে। লগে লগে আৰক্ষীয়ে আদিত্যক উদ্ধাৰ কৰি ইউ চি মেডিকেল চেণ্টাৰলৈ যায়। চিকিৎসকে তেওঁৰ অৱস্থা সংকটজনক বুলি জানিবলৈ দিয়ে। দুদিন পিছত তেওঁক মৃত ঘোষণা কৰা হয়।

স্থানীয় সংবাদ মাধ্যমৰ বাতৰি অনুসৰি আদিত্যৰ মৃত্যুৰ বহু দিন পাৰ হৈ গ’লেও তদন্তত এতিয়াও কোনো অগ্ৰগতি হোৱা নাই। তদন্ত অনুসৰি সেইদিনা সন্ধিয়া প্ৰায় ৬:২০ বজাত অঞ্চলটোত বন্দুকৰ গুলীৰ শব্দ শুনা গৈছিল। 

দেৱালত খুন্দা মাৰি ৰৈ যোৱাৰ পূৰ্বে তেওঁৰ গাড়ীখনে আন কেইবাটাও ঠাইত খুন্দা মাৰে। গাড়ীখনৰ চালকৰ আসনলৈ লক্ষ্য কৰি কেইবাটাও গুলীচালনা কৰা হয়। তাৰ পৰাই আৰক্ষীয়ে অনুমান কৰে যে দুস্কৃতিকাৰীয়ে হয়তো তেওঁক খেদি খেদি আক্ৰমণ কৰিছে। 

ইফালে ইউনিভাৰ্চিটি অৱ চিনচিনাটি মেডিকেল স্কুলৰ জ্যেষ্ঠ উপ-সভাপতি তথা স্বাস্থ্য বিভাগৰ ডীন এণ্ড্ৰু ফিলাকে কয় যে তেওঁৰ মৃত্যু অতি হঠাৎ আৰু মৰ্মান্তিক। আদিত্যক সকলোৱে ভাল পাইছিল। অতি দয়ালু, হাস্যৰসেৰে ভৰা, বুদ্ধিমান ছাত্ৰ আছিল তেওঁ। তেওঁৰ গৱেষণা আছিল নতুন।

জানিব পৰা মতে যে ২০১৮ চনত তেওঁ দিল্লী বিশ্ববিদ্যালয়ৰ ৰামজাছ কলেজৰ পৰা প্ৰাণীবিজ্ঞানত স্নাতক ডিগ্ৰী লাভ কৰে। নতুন দিল্লীৰ অল ইণ্ডিয়া ইনষ্টিটিউট অৱ মেডিকেল ছায়েন্সৰ পৰা ২০২০ চনত শৰীৰবিজ্ঞানত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে। ইয়াৰ পিছত তেওঁ চিকিৎসা বিজ্ঞানৰ উচ্চ শিক্ষাৰ বাবে আমেৰিকালৈ গুচি যায়। আমেৰিকাত থকা বহু ভাৰতীয়ই কয় যে যোৱা কিছু বছৰত দেশখনত ভাৰতীয়ৰ বিৰুদ্ধে ঘৃণাজনিত অপৰাধ বৃদ্ধি পাইছে। আদিত্য সম্ভৱতঃ ‘ঘৃণাজনিত অপৰাধ’ৰ বলি।

Related News