NORTHEAST NOW (Assamese)
Popular Stories

দেশৰ প্ৰথমখন “কোলাহলমুক্ত” চহৰ হোৱাৰ লক্ষ্য বান্ধি লৈছে ভাৰতৰ আটাইতকৈ পৰিস্কাৰ চহৰ ইন্দ’ৰে

Posted by: এন ই নাও নিউজ Updated by: এন ই নাও নিউজ February 17, 2020 2:26 pm
Indore

স্বচ্ছ ভাৰত অভিযানৰ সমীক্ষাত ভাৰতৰ আটাইতকৈ পৰিস্কাৰ চহৰৰূপে স্বীকৃতি লাভ কৰা ইন্দ’ৰে দেশৰ আটাইতকৈ প্ৰদূষণ আৰু “কোলাহলমুক্ত” চহৰ হোৱাৰ লক্ষ্য বান্ধি লৈছে।

বিদ্যুৎ চালিত যন্ত্ৰৰ সহায়ত শব্দ নিয়ন্ত্ৰণৰ বিশেষ ব্যৱস্থা প্ৰয়োগ কৰি ইন্দ’ৰ চহৰৰ যান-বাহনৰ দ্বাৰা উৎপন্ন শব্দক ৰোধ কৰাৰ ব্যৱস্থা কৰা হ’ব বুলি জানিব পৰা গৈছে।

“২০২১ চনৰ ভিতৰত আমি ইন্দ’ৰক প্ৰদষূণমুক্ত কৰাৰ লগতে দেশৰ প্ৰথমখন ‘কোলাহলমুক্ত’ চহৰৰ মৰ্যাদা লাভৰ লক্ষ্য স্থিৰ কৰি লৈছো।” জিলা সমাহৰ্ত্তা লোকেশ যাদৱে সংবাদ প্ৰতিষ্ঠান পি টি আইৰ আগত এনেদৰে কয়।

যাদৱে লগতে আৰু কয় যে চহৰৰ উচ্চ ন্যায়ালয়ৰ লগতে চিকিৎসালয়, শিক্ষাষ্ঠান, পুৰণি আৱাস গৃহকে আদি কৰি ৩৯ টা উচ্চ প্ৰাবল্য শব্দৰ কোলাহলপূৰ্ণ ‘জ’ন’ক চিনাক্ত কৰি প্ৰতিবন্ধকতা লগাই ‘ছাইলেণ্ট জ’ন’ কৰাৰ প্ৰচেষ্টা চলি আছে।

“চহৰখনত বিয়া আদি কাৰ্যসূচীত যথেষ্ট পৰিমাণৰ উচ্চ প্ৰাবল্য শব্দৰে কোলাহলপূৰ্ণ পৰিৱেশ সৃষ্টি কৰা দেখা যায়, আমি তেনে অনুষ্ঠান আয়োজকৰ লগত আলোচনাৰ মাধ্যমেৰে সীমিত প্ৰাবল্য শব্দৰে তেনে অনুষ্ঠানবোৰ উদযাপন কৰিবলৈ ব্যৱস্থা গ্ৰহণ কৰিম।” লগতে তেওঁ  কয়।

উল্লেখ্য যে ইন্দ’ৰ চহৰৰ আৱাসীৰ সংখ্যা হৈছে প্ৰায় ৩০ লক্ষ। আৰু ইয়াৰ আৱাসীসকলে চহৰখনক দেশৰ প্ৰথমখন কোলাহলমুক্ত চহৰ কৰাত জিলা কতৃপক্ষক সহযোগ কৰিব বুলি আশা প্ৰকাশ কৰিছে জিলা সমাহৰ্ত্তা যাদৱে।

অহা মাৰ্চ মাহৰ পৰা দেশৰ প্ৰথমখন স্মাৰ্ট চিটি হিচাপে ইন্দ’ৰত ডি আৰ পি লাইন প্ৰয়োগ কৰা হ’ব বুলিও জিলা সমাহৰ্ত্তাগৰাকীয়ে জানিবলৈ দিয়ে।