NORTHEAST NOW (Assamese)

নোবেল বিজয়ী অৰ্থনীতিবিদে ক’লে-ভাৰতৰ অৱস্থা অস্থিৰ, বিনিয়োগকাৰীক ভৰসা দিয়াটো জৰুৰী

September 17, 2019 11:57 am · এন ই নাও নিউজ
বাংলাদেশৰ নোবেল বিজয়ী অৰ্থনীতিবিদ মহম্মদ য়ুনিছ।

দেশক আৰ্থিক মন্দাৱস্থাৰ পৰা মুক্ত কৰাৰ বাবে মোদী চৰকাৰৰ ফালৰ পৰা বিভিন্ন সিদ্ধান্ত গ্ৰহণ কৰা হৈছে।

যোৱা কেইদিনত গৃহ নিৰ্মাণ, অটো আৰু বেংকিং খণ্ডত কেইবাটাও গুৰুত্বপূৰ্ণ ঘোষণা কৰা হৈছে।

সেইদৰে বিনিয়োগকাৰীক আকৰ্ষণ কৰাৰ বাবে ইয়াৰ মাজতে টাস্ক ফোৰ্চৰো গঠন কৰা হৈছে।

ইপিনে, ভাৰতৰ আৰ্থিক অৱস্থা সন্দৰ্ভত বাংলাদেশৰ নোবেল বিজয়ী অৰ্থনীতিবিদ মহম্মদ য়ুনুছে তেওঁৰ চিন্তা ব্যক্ত কৰিছে।

তেওঁ কয় যে ভাৰতত অস্থিৰ পৰিৱেশৰ সৃষ্টি হৈছে আৰু এনে পৰিস্থিতিত মানুহে বিনিয়োগ কৰিবলৈ চিন্তা কৰে।

বিজনেছ টুডে’ত দিয়া এক সাক্ষাৎকাৰত মহম্মদ য়ুনুছে কয়,’’ভাৰতত কি চলি আছে মই নাজানো, কিন্তু সিদ্ধান্তৰ দিশত যেতিয়া কোনো দেশত অনিশ্চয়তা বিৰাজ কৰে তেতিয়াহ’লে বিনিয়োগকাৰীয়ে বিনিয়োগ কৰিবলৈ সংকোচ কৰে।‘’

মহম্মদ য়ুনুছৰ মতে বিনিয়োগকাৰীসকলে বৃহৎ নীতিগত সিদ্ধান্তৰ অপেক্ষা কৰি আছে। তেওঁলোকে এনে কোনো সিদ্ধান্ত ল’ব খোজা নাই য’ত তেওঁলোকৰ কোনো সংকট হয়। সেইবাবেই ভাৰতত আৰ্থিক মন্দাৱস্থাৰ সৃষ্টি হৈছে।

ভাৰতত ২০১৪ আৰু ২০১৯’ৰ সাধাৰণ নিৰ্বাচনত চৰকাৰক নিৰংকুশ সংখ্যা গৰিষ্ঠতা দিছে, তথাপি য়ুনুছে কি অনিশ্চয়তাৰ কথা ক’ব বিচাৰিছে?

এই প্ৰশ্নৰ উত্তৰত তেওঁ কয়,’’ৰাজনৈতিক নিশ্চয়তা আৰু বিনিয়োগকাৰীৰ অনিশ্চয়তাৰ মাজত প্ৰত্যক্ষ সম্বন্ধ থকা উচিত নহয়।‘’

মহম্মদ য়ুনুছৰ মতে, বিনিয়োগকাৰীয়ে এই অনিশ্চয়তাক অন্য ধৰণে চাইছে। তেওঁ কয়,’’আপুনি ৰাজনৈতিক দিশত স্থিৰতা দেখিছে। কিন্তু হ’ব পাৰে বিনিয়োগকাৰীয়ে কিছু সমস্যা লক্ষ্য কৰিছে। মোৰ নাজানো কিন্তু ব্যৱসায়ীসকলৰ সিদ্ধান্ত লোৱাৰ কিছুমান নিজা উপায় থাকে। বৰ্তমান, তেওঁলোকে সংকোচ কৰিছে।‘’

মহম্মদ য়ুনুছে কয় যে বিনিয়োগকাৰীয়ে হয়তো এক ভাল সময়ৰ অপেক্ষা কৰি আছে। অৱশ্যে, বিনিয়োগকাৰীৰ ভৰসা বঢ়াবলৈ তেওঁলোকক বুজোৱাটোৱে একমাত্ৰ উপায় হ’ব পাৰে।

নোবেল বিজয়ী অৰ্থনীতিবিদগৰাকীয়ে বিকাশৰ গতি তৰান্বিত কৰিবলৈ স্বনিয়োজনৰ ওপৰত গুৰুত্ব আৰোপ কৰে। তেওঁ কয় যে স্বনিয়োজনৰ জৰিয়তে বিকাশৰ গতি বৃদ্ধি কৰিব পৰা যায়।

আন এক সাক্ষাৎকাৰত য়ুনুছে কয় যে উদ্যোগক এতিয়া পৰৱৰ্তী প্ৰজন্মৰ বাবে প্ৰস্তুত কৰা উচিত। অৰ্থাৎ কেনেকৈ সংস্থাপন সৃষ্টি কৰা যায় আৰু চহৰলৈ প্ৰব্ৰজন কেনেকৈ ৰোধ কৰা যায় তাত মনোনিৱেশ কৰা উচিত।

তেওঁ লগতে কয় যে উদ্যোগক কেৱল ক্ষুদ্ৰ পৰিসৰতে সীমিত ৰখাৰ সলনি স্বাস্থ্যসেৱা, সৌৰ শক্তি, শিক্ষাৰ কাৰ্যসূচীৰ আদিৰ দৰে সামাজিক বিষয়ত পৰিৱেশ সৃষ্টি কৰাটো জৰুৰী।

Related News