NORTHEAST NOW (Assamese)

ভাৰতত মুঠ কোভিড-১৯ সংক্ৰমিত ব্যক্তিৰ সংখ্যা ১ কোটি অতিক্ৰম

December 19, 2020 12:26 pm · এন ই নাও নিউজ
প্ৰতিনিধিত্বমূলক চিত্ৰ

ভাৰতত বৰ্তমানলৈ মুঠ কোভিড-১৯ সংক্ৰমিত ব্যক্তিৰ সংখ্যাই শুকুৰবাৰে ১ কোটিৰ ঘৰ অতিক্ৰম কৰিছে।

বিগত ২৪ ঘণ্টাত ভাৰতত নতুনকৈ ২৫,১৫৩ গৰাকী ব্যক্তি কোভিড প’জিটিভ হয়।

শুকুৰবাৰে নতুনকৈ কোভিড প’জিটিভ হোৱা ২৫,১৫৩ গৰাকী ব্যক্তিৰ সৈতে ভাৰতত মুঠ কোভিড সংক্ৰমিত ব্যক্তিৰ সংখ্যা ১ কোটিৰ ঘৰ অতিক্ৰম কৰে।

ভাৰতত বৰ্তমানলৈ মুঠ ১,০০,০৪,৫৯৯ গৰাকী ব্যক্তি কোভিড-১৯ৰ দ্বাৰা সংক্ৰমিত হৈছে।

স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰ্যালয়ৰ তৰফৰ পৰা এই তথ্য প্ৰকাশ কৰে।

আনহাতে, ভাৰতত কোভিডৰ সংক্ৰমণৰ ফলত প্ৰাণ হেৰুওৱা ব্যক্তিৰ সংখ্যাও ক্ৰমাৎ বৃদ্ধি পাই আছে।

শুকুৰবাৰৰ দিনটোলৈ ভাৰতত মুঠ ১,৪৫,১৩৬ গৰাকী ব্যক্তিয়ে কোভিডৰ সংক্ৰমণৰ ফলত প্ৰাণ হেৰুৱাইছে।

বৰ্তমান ভাৰতত ৩,০৮,৭৫১ গৰাকী সক্ৰিয় কোভিড ৰোগী আছে।

আমেৰিকা যুক্তৰাষ্ট্ৰৰ পাছতে ভাৰতত সৰ্বাধিক কোভিড-১৯ৰ সংক্ৰমণ ঘটিছে।

আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু ভাৰতত কোভিড সংক্ৰমিত ব্যক্তিৰ সংখ্যাই এক কোটি অতিক্ৰম কৰিছে।

Related News