কুঁৱলীৰ বাবে ইণ্ডিগ’ৰ ৫৭ খন বিমান বাতিল : যাত্ৰীৰ মাজত হাহাকাৰ
প্ৰচণ্ড কুঁৱলী আৰু প্ৰতিকূল বতৰৰ বাবে দেশৰ আগশাৰীৰ ঘৰুৱা বিমান সংস্থা ইণ্ডিগ’ৰ সেৱা ব্যাহত হৈ পৰিছে। শনিবাৰে সংস্থাটোৱে দেশজুৰি মুঠ ৫৭ খন বিমান বাতিল কৰিবলগীয়া হয়। আনকি আজি দেওবাৰেও ইতিমধ্যে ১৩ খন বিমানৰ উৰণ স্থগিত ৰখা হৈছে।
ইণ্ডিগ’ কৰ্তৃপক্ষৰ মতে, বৰ্তমানৰ এই বিশৃংখলতাৰ মূল কাৰণ হৈছে কুঁৱলীৰ বাবে হ্ৰাস পোৱা দৃশ্যমানত। উল্লেখ্য যে, ডিচেম্বৰ মাহৰ আৰম্ভণিতে পাইলটসকলৰ জিৰণি আৰু কামৰ সময়ৰ নিয়ম মানিবলৈ গৈ সংস্থাটোৱে হাজাৰ হাজাৰ বিমান বাতিল কৰিছিল। বৰ্তমান যোৱা এসপ্তাহ ধৰি পুনৰ বতৰৰ দোহাই দি যাত্ৰীসকলক বিপাঙত পেলোৱা হৈছে।
দেশৰ কেইবাখনো গুৰুত্বপূৰ্ণ চহৰৰ বিমান সংযোগ এই মুহূৰ্তত বিচ্ছিন্ন হৈছে। ইয়াৰ ভিতৰত আছে – দিল্লী, চণ্ডীগড়, অমৃতসৰ, জয়পুৰ, মুম্বাই, আহমেদাবাদ, বেংগালুৰু, চেন্নাই, পুনে, হায়দৰাবাদ, কলকাতা আৰু গয়া।
বিমান পৰিচালনা সংস্থা DGCA-ই ১০ ডিচেম্বৰৰ পৰা ১০ ফেব্ৰুৱাৰীলৈকে এই সময়ছোৱাক আনুষ্ঠানিকভাৱে ‘কুঁৱলীৰ সময়’ হিচাপে ঘোষণা কৰিছে। এই সংকটৰ পৰা পৰিত্ৰাণ পাবলৈ DGCA-ই ইণ্ডিগ’ক কিছুমান পৰামৰ্শ দিছে।