NORTHEAST NOW (Assamese)

অশান্ত লাডাখৰ ভাৰত-চীন সীমান্ত : আমিৰ খানে লৈছে এক ডাঙৰ সিদ্ধান্ত

July 7, 2020 5:48 pm · এন ই নাও নিউজ
Updated: July 7, 2020 6:03 pm

পূৱ লাডাখৰ গালৱান উপত্যকাৰ সীমান্তক লৈ ভাৰত-চীনৰ মাজত উত্তেজনা চলি থকাৰ মাজতে বলিউদৰ জনপ্ৰিয় অভিনেতা আমিৰ খানে লৈছে এক ডাঙৰ সিদ্ধান্ত।

খবৰ অনুসৰি আমিৰ খানে তেওঁৰ নিৰ্মীয়মান ছবি লাল সিং চাড্ডাৰ লাডাখত কৰিবলগীয়া শ্বুটিং স্থগিত ৰখাৰ সিদ্ধান্ত লৈছে।

লাল সিং চাড্ডা ছবিখন প্ৰযোজনা কৰিছে আমিৰ খান আৰু তেওঁৰ পত্নী কিৰণ ৰাৱে।

ক’ৰ’না সংক্ৰমণৰ বাবে ছবিখনৰ শ্বুটিং পিছুৱাই যোৱাৰ ফলত ইতিমধ্যে ছবিখনৰ প্ৰযোজকদ্বয়ৰ বিস্তৰ ক্ষতি হৈছে।

ইফালে ছবিখনৰ বহুকেইটা দৃশ্য লাডাখত শ্বুটিং কৰাৰ কথা আছিল।

কিন্তু লাডাখ সীমান্তত ভাৰত-চীন সৈন্যৰ মাজত সংঘাত বৃদ্ধি পোৱাৰ ফলত লাডাখত শ্বুটিং কৰিবলৈ শংকিত হৈছে প্ৰযোজক অভিনেতা আমিৰ খান।

খবৰ মতে যদি লাডাখত ছবিখনৰ দৃশ্যৰাশি শ্বুটিং নহয় তেনে খুব সম্ভৱ কাৰ্গিলত কৰা হ’ব পাৰে সেই দৃশ্যসমূহৰ চিত্ৰগ্ৰহণ।

জানিব পৰা মতে ইতিমধ্যে এই সংক্ৰান্তত আমিৰ খানে পৰিচালক অদ্বৈত চন্দনৰ সৈতে আলোচনাও কৰিছে।

যদি দুই দেশৰ মাজৰ সীমান্ত সংঘাত সোনকালে নিৰশন নহয় তেনে লাডাখত ছবিখনৰ দৃশ্যগ্ৰহণ সূচী পৰিৱৰ্তন কৰা হ’ব পাৰে।

আনহাতে ক’ৰ’না সংক্ৰমণ অপ্ৰতিৰোধ্য গতিত বৃদ্ধি পোৱাৰ বাবে চিন্তিত হৈছে ছবিখনৰ প্ৰযোজকদ্বয়।

ক’ৰ’নাৰ সংক্ৰমণৰ বাবেই বৰ্তমান ছবিখনৰ শ্বুটিং বন্ধ হৈ আছে।

“এই মুহূৰ্তত লাডাখৰ যি অৱস্থা তাত শ্বুটিং কৰাৰ কোনো প্ৰশ্নাই নাহে। কিন্তু তাৰ সলনি কাৰ্গিলত নে অন্য কোনো স্থানত শ্বুটিং কৰা হ’ব সেয়া ঠিক হোৱা নাই।” আমিৰ খানৰ এক ঘনিষ্ঠ সূত্ৰই এইদৰে কয়।

উল্লেখ্য যে, আমিৰ খান আৰু পত্নী কিৰণ ৰাৱে প্ৰযোজনা কৰা লাল সিং চাড্ডা নামৰ ছবিখনত আমিৰ খানৰ বিপৰীতে কৰীণা কাপুৰে অভিনয় কৰিছে।

Related News