NORTHEAST NOW (Assamese)

ছিকিমৰ সীমান্তত চীনা সৈন্যৰ সৈতে সন্মুখ সমৰত ভাৰতীয় সেনা; আহত দুইপক্ষৰ জোৱান

May 10, 2020 1:13 pm · এন ই নাও নিউজ
ছিকিমৰ ভাৰত-চীন সীমান্ত। ফটো: newstree.comৰ সৌজন্যত

ছিকিমৰ সীমান্তত ভাৰতীয় আৰু চীনৰ সেনা জোৱান মুখামুখি সংঘৰ্ষত লিপ্ত হোৱাৰ বাতৰি পোৱা গৈছে।

এই সংঘৰ্ষত দুয়ো পক্ষৰ জোৱানে সামান্যভাৱে আঘাতপ্ৰাপ্ত হোৱা বুলি কোৱা হৈছে।

সেনাৰ সূত্ৰই দেওবাৰে প্ৰকাশ কৰা মতে উত্তৰ ছিকিমৰ নাকুলা অঞ্চলত ভাৰতীয় আৰু চীনা সেনাৰ মাজত অলপতে মুখামুখি সংঘৰ্ষৰ ফলতদুই পক্ষৰে জোৱান সামান্য পৰিমানে আঘাতপ্ৰাপ্ত হৈছে।

তাৰ মাজতে ভাৰতীয় আৰু চীনা সেনা আক্ৰমণাত্মক হৈ উঠে যাৰ ফলত কেইজনমান জোৱান আঘাতপ্ৰাপ্ত হয়।

অৱশ্যে,পাছত স্থানীয় পৰ্যায়ত হোৱা আলোচনাৰ পাছত সেনাদলক অঁতৰাই পঠোৱা হয়।

সাধাৰণতে সীমা বিবাদ চলি থকাৰ বাবে ভাৰতীয় আৰু চীনৰ সেনাৰ জোৱানৰ মাজত মাজে সময়ে এনে বিক্ষিপ্ত ঘটনা সংঘটিত হৈয়ে থাকে।

পাছত সেনাৰ জোৱানসকলে এনেধৰণৰ বিষয়বোৰ নিৰ্দ্ধাৰিত প্ৰট’কলৰ আধাৰত বুজাবুজিৰে নিষ্পত্তি কৰি লয়।

আনহাতে, এইবাৰ দীৰ্ঘ বিৰতিৰ অন্তত এনে ঘটনা সংঘটিত হৈছে।

উল্লেখযোগ্য যে চীনে জম্মু-কাশ্মীৰ সম্পৰ্কত মন্তব্য কৰিবলৈ এতিয়াও এৰা নাই। অলপতে ৰাষ্ট্ৰসংঘত চীনে এই সন্দৰ্ভত কৰা মন্তব্য ভাৰতে নাকচ কৰিছিল।

ইপিনে, চীনৰ সেনাই প্ৰায়েই লাডাখ আৰু অৰুণাচল প্ৰদেশৰ সীমান্তত উত্তেজনাৰ সৃষ্টি কৰি আহিছে।

এইবাৰ পুনৰ দুয়োখন দেশৰ সেনাৰ মাজত উত্তেজনা সৃষ্টিৰ খৱৰ সন্মুখলৈ আহিছে।

Related News