NORTHEAST NOW (Assamese)

খেল চলি থকাৰ সময়তে খেলপথাৰত বজ্ৰ পৰি মৃত্যু ফুটবলাৰৰ; চাওক শিহৰণকাৰী ভিডিঅ’

February 13, 2024 9:01 am · এন ই নাও নিউজ, গুৱাহাটী
ফটোঃ সংগ্ৰহীত।

ইণ্ডোনেছিয়াৰ ফুটবলৰ এটা ভিডিঅ’ পোহৰলৈ আহিছে, যিটোৱে যিকোনো লোককে জোকাৰি যাব পাৰে। যোৱা শনিবাৰে বেয়া বতৰৰ মাজতে পশ্চিম জাভাৰ চিলিৱাংগী ষ্টেডিয়ামত এখন ফুটবল খেল অনুষ্ঠিত হৈছিল। এই খেলৰ সময়ত এজন খেলুৱৈৰ মূৰত বজ্ৰপাত হোৱাৰ লগে লগে খেলপথাৰত বাগৰি পৰে।

হঠাৎ ঘটা এই ঘটনাই সকলোকে আচৰিত কৰি তুলিলে। সতীৰ্থসকলে চিকিৎসালয়লৈ নিয়াৰ সময়তে ফুটবলাৰজনে মৃত্যুক সাৱটি লয়। এই সমগ্ৰ ঘটনা ষ্টেডিয়ামত স্থাপন কৰা কেমেৰাত ধৰা পৰে আৰু এতিয়া এই ভিডিঅ’টো ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে।

লগতে পঢ়কঃ কি কাণ্ড! ৬৪৩ বাৰ ট্ৰেফিক আইন ভংগ; স্কুটি চালকক বিচাৰি চলাথ কৰিছে আৰক্ষীয়ে

দৰাচলতে এই ঘটনা সংঘটিত হৈছে এফ চি বাণ্ডুং আৰু এফ বি আই শ্বুবাঙৰ মাজত অনুষ্ঠিত হোৱা এখন প্ৰীতি মেচত। মৃত্যু হোৱা ব্যক্তিজনে এই মেচত খেলি আছিল। ঘটনাৰ ভিডিঅ’টোত স্পষ্টকৈ দেখা গৈছে যে ফুটবল খেল চলি আছিল আৰু হঠাতে খেলপথাৰৰ এটা অংশত থিয় হৈ থকা এজন খেলুৱৈৰ ওপৰত বজ্ৰপাতৰ ফলত লগে লগে অঞ্চলটো উজ্বল পোহৰে পোহৰাই তোলে।

এই সময়ত জুই জ্বলি উঠাও দেখা যায়। বজ্ৰপাত হোৱা খেলুৱৈজন লগে লগে মাটিত পৰি যায়। আনহাতে দূৰৈত থিয় হৈ থকা আনজন খেলুৱৈও বিস্ফোৰণৰ বাবে প্ৰথমে পলাই যায়। বাকী খেলুৱৈসকলে নিজকে ৰক্ষা কৰিবলৈ মাটিত শুই পৰে আৰু কিছুমানে বাহিৰলৈ দৌৰিবলৈ ধৰে। কিন্তু যেতিয়া তেওঁলোকে নিজৰ সতীৰ্থক খেলপথাৰত পৰি থকা দেখিলে সকলোৱে তেওঁৰ ফালে দৌৰি যায়।

লগতে পঢ়কঃ বিপদত ভাৰতীয় শিবিৰঃ তৃতীয় টেষ্টৰ পৰা বাহিৰ ৰাহুল, দললৈ পাডিকাল

কেইমিনিটমানৰ পিছত সকলো বন্ধ হৈ যোৱাৰ পিছত সকলো খেলুৱৈয়ে নিজৰ সংগীৰ ওচৰলৈ দৌৰি যায়। বজ্ৰপাতৰ ফলত অচেতন হৈ পৰা তেওঁক জগাই তুলিবলৈ চেষ্টা কৰে। লগে লগে তেওঁক চিকিৎসালয়লৈ লৈ যোৱা হয়। কিন্তু চিকিৎসালয়ত উপস্থিত হোৱাৰ লগে লগে চিকিৎসকে খেলুৱৈজনক মৃত বুলি ঘোষণা কৰে।

https://twitter.com/GlobalDiss/status/1757035183381909797?ref_src=twsrc%5Etfw%7Ctwcamp%5Etweetembed%7Ctwterm%5E1757035183381909797%7Ctwgr%5Eaa964db4c84c240400e9f62967e6174ffb055b28%7Ctwcon%5Es1_&ref_url=https%3A%2F%2Fsports.ndtv.com%2Ffootball%2Ffootballer-dies-after-getting-hit-by-lightning-in-indonesia-terrifying-video-goes-viral-5044859

ইণ্ডোনেছিয়াৰ সংবাদ মাধ্যমৰ বাতৰি অনুসৰি, ১০ ফেব্ৰুৱাৰী শনিবাৰে বাণ্ডুঙৰ চিলিৱাংগি ষ্টেডিয়ামত দুটা স্থানীয় ক্লাবৰ মাজত ফুটবল খেল অনুষ্ঠিত হৈ থকাৰ সময়তে এই ঘটনা সংঘটিত হয়। খেল আৰম্ভ হোৱাৰ মাত্ৰ ১৫ মিনিট সময় পাৰ হৈ গৈছিল। তাৰ পিছত বতৰৰ অৱনতি ঘটিবলৈ ধৰে। বৰষুণ নহ’লেও আকাশখন ডাৱৰীয়া হ’বলৈ ধৰিলে আৰু তাৰ পিছত প্ৰথমবাৰৰ বাবে বজ্ৰপাত পৰে। যদিও সেই সময়ত কোনো দুৰ্ঘটনা সংঘটিত হোৱা নাছিল, পিছৰ চেকেণ্ডত দ্বিতীয়বাৰৰ বাবে বজ্ৰপাত হয় আৰু এইবাৰ তাৰ বলি হয় ফুটবলাৰজন।

ইণ্ডোনেছিয়াৰ ফুটবলত যোৱা ১২ মাহত দ্বিতীয়বাৰৰ বাবে এনে সংঘটিত হৈছে। এইবাৰ বজ্ৰপাতৰ বলি হৈছে দ্বিতীয়জন ইণ্ডোনেছিয়ান ফুটবলাৰ। ২০২৩ চনৰ ছ’ৰাটিন অনূৰ্ধ্ব ১৩ কাপৰ সময়ত ইষ্ট জাভাৰ বজংগোৰোত বজ্ৰপাতৰ ফলত এজন ফুটবলাৰ আঘাতপ্ৰাপ্ত হৈছিল।

হৃদযন্ত্ৰৰ ক্ৰিয়া বন্ধ হোৱা খেলুৱৈজনক ততাতৈয়াকৈ চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছিল। ২০ মিনিটৰ চেষ্টাৰ অন্তত চিকিৎসকে তেওঁৰ চেতনালৈ ঘূৰাই অনাত সফল হয়। খেলপথাৰত থকা আন ছয়গৰাকী খেলুৱৈও বজ্ৰপাতৰ আঘাতত পিছত চিকিৎসালয়ত চিকিৎসাধীন হ’ববলগীয়া হয়। 

Related News