NORTHEAST NOW (Assamese)

শিল্পপতি বন্ধুৰ ১৬ লাখ কোটিৰ ঋণ মাফ! সংকটত বেংকিং খণ্ড

March 29, 2025 7:45 pm · এন ই নাও নিউজ, গুৱাহাটী

দেশৰ বেংকিং খণ্ডৰ সংকট আৰু মোদি চৰকাৰৰ ভ্ৰান্ত নীতিৰ বিৰুদ্ধে তীব্ৰ সমালোচনা কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ। প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে শিল্পপতি বন্ধুৰ ১৬ লাখ কোটিৰ ঋণ মাফ কৰাৰ ফলত দেশৰ বেংকিং খণ্ড সংকটত পৰিছে বুলি অভিযোগ উত্থাপন কৰিছে বিৰোধী কংগ্ৰেছে।

শ্বেয়াৰ বজাৰ আৰু মিউচুৱেল ফান্ডৰ উত্থানৰ মাজতে বেংকসমূহত বৃদ্ধি পাইছে লোকচানৰ পৰিমান। ফলত বহু বেংকে ব্যয় সংকোচনৰ সিদ্ধান্ত লৈছে। গ্ৰাহকৰ সুবিধা হ্ৰাস কৰাৰ লগতে ব্যক্তিগতখণ্ডৰ বেংকে কৰ্মচাৰীৰ সংখ্যা  কমাবলৈ বাধ্য হৈছে।

ৰাহুল গান্ধীয়ে ICICI বেংকৰ কিছু কৰ্মচাৰীৰ সৈতে সাক্ষাৎ কৰি কংগ্ৰেছে এই জুনিয়ৰ বেংক কৰ্মচাৰীৰ কাষত থাকিব বুলি প্ৰতিশ্ৰুতি প্ৰদান কৰিছে। সাক্ষাতৰ পিছত তেওঁ সামাজিক মাধ্যমত প্ৰকাশ কৰিছে যে বিজেপি চৰকাৰে শিল্পপতি বন্ধুৰ ১৬ লাখ কোটিৰ ঋণ মাফ কৰিছে। এই পুঁজিবাদী নীতি আৰু অপব্যৱস্থাই বেংকিং খণ্ডক সংকটত পেলাইছে। সাধাৰণ বেংক কৰ্মচাৰীসকলে ইয়াৰ ভাৰ বহন কৰি আছে বুলি মত প্ৰকাশ কৰে।

Related News