NORTHEAST NOW (Assamese)

ভাৰত নহয়, ভূটানৰ মুদ্ৰা আৰু মোবাইল নেটৱৰ্কেৰে চলে অসমৰ দুখন গাঁও

June 20, 2019 11:34 am · ৰিনয় বসুমতাৰী

ভাৰতৰ নহয়, ভূটানৰ মুদ্ৰা আৰু ভূটানৰ মোবাইল নেটৱৰ্কৰ ওপৰত হে নিৰ্ভৰ কৰি চলে কোকৰাঝাৰ জিলাৰ ভাৰত-ভূটান সীমান্তৰ শৰলপাৰা আৰু উল্টাপানী অঞ্চলৰ ৰাইজৰ দৈনন্দিন জীৱন।

উল্লেখযোগ্য যে আজি পৰ্যন্ত গাঁওকেইখনত বেংকৰ কোনো সুবিধা নথকাত অঞ্চলবাসীয়ে ব্যৱসায়-বাণিজ্যকে ধৰি দৈনন্দিন জীৱনৰ বিভিন্ন কাম কাজত ভূটানৰ মুদ্ৰা ব্যৱহাৰ কৰে, ইয়াৰ বিপৰীতে ভাৰতীয় মুদ্ৰাৰ প্ৰচলন তেনেই সীমিত বুলিব পাৰি। একেদৰে মোবাইল নেটৱৰ্কৰ ক্ষেত্ৰটো লোকসকলে ভূটানৰ টাচি চিম কাৰ্ডহে ব্যৱহাৰ কৰে।

আনহাতে ইয়াৰে শৰলপাৰা গাঁৱক অসম চৰকাৰ আৰু বি টি চি প্ৰশাসনে আদৰ্শ গাঁও হিচাপে ঘোষণা কৰিছিল। শৰলপাৰাৰ গাঁওবুঢ়া এম শৰ্মাই নৰ্থ-ইষ্ট নাওক এই কথা জানিবলৈ দি লগতে কয় যে গাঁওখনত এয়াৰটেলৰ টাৱাৰ বহুৱাৰ কাম আৰম্ভ হৈছিল যদিও কোকৰাঝাৰ হলটুগাঁও বন সংমণ্ডল আৰু উল্টাপানীৰ ৰেঞ্জাৰে উক্ত কাম বন্ধ কৰি দিয়ে।

তেওঁ আৰু কয় যে শৰলপাৰা আৰু উল্টাপানী গাঁৱৰ প্ৰত্যেক লোকৰ ঘৰতে অন্তত ৩ৰ পৰা ৪খন পৰ্যন্ত ভূটানৰ টাচি মোবাইল নেটৱৰ্কৰ চিম কাৰ্ড আছে।

Related News