NORTHEAST NOW (Assamese)
Popular Stories

সমগ্ৰ ৰাজ্যৰ লগতে শিৱসাগৰতো আজিৰ পৰা আন্তঃজিলা যাতায়ত ব্যৱস্থা আৰম্ভ

Posted by: পার্শ্বজোতি গগৈ Updated by: পার্শ্বজোতি গগৈ April 25, 2020 3:05 pm

আজিৰ পৰা সমগ্ৰ ৰাজ্যত আৰম্ভ হল আন্তঃজিলা যাতায়ত ব্যৱস্থা। অসম চৰকাৰৰ নিৰ্দেশ অনুসৰি ল’কডাউনৰ সময়ত অন্য জিলাত অৱদ্ধ হৈ থকা ব্যক্তিক আজিৰ পৰা নিজ গৃহলৈ অহাৰ ব্যৱস্থা গ্ৰহণ কৰিছে জিলা প্ৰশাসনে।

শিৱসাগৰ জিলা প্ৰশাসনেও জিলাখনত আৱদ্ধ হৈ থকা আন জিলাৰ ব্যক্তিক নিজ গৃহলৈ যাবলৈ ব্যৱস্থা গ্ৰহণ কৰিছে। অসম ৰাজ্যিক পৰিবহণ নিগমৰ প্ৰায় ২৫ খন বাছৰ জৰিয়তে আজি প্ৰায় ৩৬০ গৰাকী ব্যক্তিক নিজ গৃহলৈ যোৱাৰ সুবিধা কৰি দিয়ে জিলা প্ৰশাসন তথা অসম ৰাজ্যিক পৰিবহণ নিগমে।

১০৪ সেৱাৰ জৰিয়তে আগতীয়াকৈ বুকিং কৰা এই যাত্ৰীসকলক যাত্ৰাৰ পূৰ্বে স্বাস্থ্য বিভাগৰ এটা দলে স্বাস্থ্য পৰীক্ষা কৰাৰ লগতে  স্ক্ৰিনিং টেষ্ট কৰাৰ অন্তত যাবলৈ দিয়া হয় বুলি জানিবলৈ দিয়ে স্বাস্থ্যকৰ্মী মুস্তাফিজ আহমেদে।

আনহাতে যাত্ৰাৰ সময়ত প্ৰতিগৰাকী ব্যক্তিয়ে মাস্ক পৰিধান কৰাটো বাধ্যতামূলক বুলি জানিবলৈ দিয়ে শিৱসাগৰ জিলা উপায়ুক্ত লক্ষ্মীনন্দন গগৈয়ে। উপায়ুক্ত গৰাকীয়ে লগতে কয়, শিৱসাগৰলৈ যিসকল যাত্ৰী অন্য জিলাৰ পৰা আহিছে সেইসকল যাত্ৰীক নিজ গৃহলৈ পঠোৱাৰ বাবে  ব্যৱস্থা গ্ৰহণ কৰা হৈছে।  ২৬ আৰু ২৭ এপ্ৰিললৈকে এই সেৱা অব্যাহত থাকিব।

উল্লেখযোগ্য যে যাত্ৰাৰ পূৰ্বে আজি পুৱাৰে পৰা নিগমৰ বাছ সমূহৰ লগতে অসম ৰাজ্যিক পৰিবহন নিগমৰ শিৱসাগৰৰ অৱস্থানটো চেনিটাইজিং কৰা হৈছিল।