NORTHEAST NOW (Assamese)

মাত্ৰ ১০০টকা বিনিয়োগ কৰি লাভ কৰক মোটা অংকৰ ধন; আছে চৰকাৰী গেৰান্টিও

November 8, 2020 11:34 am · এন ই নাও নিউজ
প্ৰতিনিধিত্বমূলক ফটো।

সীমিত আয়ৰ ব্যক্তিসকলৰ বাবে ধন বিনিয়োগ কৰাটো এক চিন্তাৰ বিষয়। কিন্তু কম উপাৰ্জনৰ লোকেও সঠিক বিনিয়োগৰ জৰিয়তে বিশেষ লাভৰ মুখ দেখিব পাৰে। পোষ্ট অ’ফিচত আছে এই সুবিধা।

ইয়াত আপুনি মাহে ১০০টকা জমা কৰি মোটা অংকৰ ধন লাভ কৰিব পাৰে। এই বিশেষ আঁচনিৰ নাম হৈছে পোষ্ট অফিচ ৰেকাৰিং ডিপ’জিট(আৰ ডি)।

ইয়াত আপুনি অতি কম টকাৰেও বিনিয়োগ আৰম্ভ কৰিব পাৰে। ডাঙৰ কথাটো হ’ল ইয়াত আয়ো ভাল আৰু আপোনাৰ টকাও সুৰক্ষিত।

পোষ্ট অফিচ ৰেকাৰিং ডিপ’জিট আঁচনি চৰকাৰী গেৰান্টিসহ এটা সৰু কিস্তিৰ বিনিয়োগ তথা ইয়াত সুতৰ হাৰো ভাল।

এই একাউন্ট পাঁচ বছৰৰ বাবে খোলা হয় আৰু ইয়াত কম সময়ৰ বাবে এই একাউন্ট খুলিব নোৱাৰি।

ইণ্ডিয়া পোষ্টৰ ৱেবছাইট মতে আৰ ডি আঁচনিত ৫.৮শতাংশ হাৰত সুত পোৱা যায়। ২০২০’ৰ ১ এপ্ৰিলৰ পৰা এই সুতৰ হাৰ বলবৎ হৈছে।

এই আঁচনিত আপুনি নিম্নতম মাহত ১০০টকা বিনিয়োগ কৰিব পাৰে।

আনহাতে, যিকোনো ব্যক্তিয়ে তেওঁৰ নামত আৰ ডি একাউন্ট খুলিব পাৰে। এই একাউন্ট পৰিয়াল বা প্ৰতিষ্ঠানৰ নামত খুলিব নোৱাৰি। অৱশ্যে, দুজন প্ৰাপ্ত বয়স্ক ব্যক্তিয়ে মিলি এটা যৌথ আৰ ডি একাউন্ট খুলিব পাৰে।

সেইদৰে, নিৰ্দ্ধাৰিত তাৰিখৰ ভিতৰত কিস্তি জমা নকৰিলে ১শতাংশ টকা জৰিমনা ভৰিব লাগিব। তদুপৰি, একেৰাহে চাৰিটা কিস্তি জমা নথলে একাউন্টটো বন্ধ হৈ যাব। অৱশ্যে, একাউন্ট বন্ধ হৈ যোৱাৰ পাছত পৰৱৰ্তী দুমাহৰ ভিতৰত ইয়াক সক্ৰিয়া কৰিব পৰা যায়।

Related News