NORTHEAST NOW (Assamese)
অসম

বঙাইগাঁও জিলাত ১৪৪ ধাৰা জাৰি, অকৰ্তৃত্বশীল মেচিন নাও,ভুটভুটী চলাচলত দুমাহলৈ নিষেধাজ্ঞা

Posted by: প্ৰণৱ কুমাৰ ডেকা, বঙাইগাঁও September 17, 2021 4:07 pm
বঙাইগাঁও জিলাত ১৪৪ ধাৰা জাৰি, অকৰ্তৃত্বশীল মেচিন নাও,ভুটভুটী চলাচলত দুমাহলৈ নিষেধাজ্ঞা

বঙাইগাঁও জিলাত ব্ৰহ্মপুত্ৰ আৰু আন প্ৰধান নদীসমূহত অকৰ্তৃত্বশীল মেচিন নাও বা ভুটভুটী নাও চলাচলৰ ক্ষেত্ৰত  নিষিদ্ধ কৰা হৈছে ৷

এই সন্দৰ্ভত জিলাখনৰ অতিৰিক্ত জিলা দণ্ডাধীশ নৱজ্যোতি ওজাই এক নিৰ্দেশনামৰ্মে ভাৰতীয় ফৌজদাৰী আইনৰ ১৪৪ ধাৰা জাৰি কৰিছে ।

উল্লেখ্য যে বঙাইগাঁও জিলাত ব্ৰহ্মপুত্ৰ আৰু ইয়াৰ উপনৈ তথা ‌জিলাখনৰ প্ৰধান নদীসমূহত অকৰ্তৃশীলভাৱে চলোৱা মেচিন নাও বা ভুটভুটীসমূহ চলোৱাৰ ফলস্বৰূপে মানুহৰ জীৱন আৰু সম্পত্তি হানি তথা শান্তিপূৰ্ণ পৰিৱেশ ব্যাহত হোৱাৰ আশংকা কৰা হৈছে।

Latest News:  আধাৰ কাৰ্ডৰ পৰা বঞ্চিত ৰাজ্যৰ প্ৰায় ২৬ লক্ষ জনতা, বিকল্প ব্যৱস্থাৰে সমস্যা  সমাধানৰ দাবী

বঙাইগাঁও জিলাৰ অতিৰিক্ত জিলা দণ্ডাধীশ নৱজ্যোতি ওজাই তৎকালীনভাৱে সমগ্ৰ জিলাতে বলবৎ হোৱাকৈ ভাৰতীয়  ফৌজদাৰী আইনৰ ১৪৪ ধাৰাৰ অধীনত  অকৰ্তৃশীল মেচিন নাও বা ভুটভুটী চলোৱাত নিষেধাজ্ঞা জাৰি কৰিছে ৷

এই নিৰ্দেশনা দুমাহ পৰ্যন্ত বাহাল থাকিব।