NORTHEAST NOW (Assamese)
অসম

৬৯ সংখ্যক ক্ষীৰোদ বৰুৱা সোঁৱৰণী চিনিয়ৰ আন্তঃ জিলা ফুটবল প্ৰতিযোগিতা:খেলুৱৈ বাচনি শিবিৰৰ আয়োজন

Posted by: মানস প্ৰতিম গগৈ, মাৰ্ঘেৰিটা Updated by: মানস প্ৰতিম গগৈ, মাৰ্ঘেৰিটা September 17, 2021 4:26 pm

অসম ফুটবল সন্থাৰ নেতৃত্বত অহা ২৬ ছেপ্তম্বৰ ২০২১ তাৰিখৰ পৰা আৰম্ভ হ’বলগীয়া ৬৯ সংখ্যক ক্ষীৰোদ বৰুৱা সোঁৱৰণী চিনিয়ৰ আন্তঃ জিলা ফুটবল প্ৰতিযোগিতা খনিত অংশগ্ৰহণ কৰিবৰ বাবে এটি খেলুৱৈ বাচনি শিবিৰৰ আয়োজন কৰা হৈছে ।

Latest News: বঙাইগাঁও জিলাত ১৪৪ ধাৰা জাৰি, অকৰ্তৃত্বশীল মেচিন নাও,ভুটভুটী চলাচলত দুমাহলৈ নিষেধাজ্ঞা

লিডু বজাৰ খেলপথাৰত অহা ১৯ ছেপ্টেম্বৰৰ পৰা ২১ ছেপ্টেম্বৰ তাৰিখলৈকে দিনৰ ২ বজাৰ পৰা  তিনিদিনীয়াকৈ অনুষ্ঠিত হ’বলগীয়া উক্ত বাচনি শিবিৰত ইছুক খেলুৱৈ সকলক উপস্থিত থাকিবলৈ মাৰ্ঘেৰিটা জিলা ক্ৰীড়া সন্থাৰ সাধাৰণ সম্পাদক সত্য কাকতিয়ে অনুৰোধ জনাইছে ।

উক্ত বাচনি শিবিৰতে মাৰ্ঘেৰিটা জিলাৰ ছিনিয়ৰ ফুটবল দলটি গঠন কৰা হ’ব।