NORTHEAST NOW (Assamese)

ৰাজস্থানৰ বিস্ফোৰক বেটছমেন তেৱেতিয়াক এটা বিশেষ কাৰণৰ বাবে ধন্যবাদ যুৱৰাজ সিঙৰ

September 29, 2020 9:09 am · এন ই নাও নিউজ

ভাৰতীয় ক্ৰিকেট দলৰ প্ৰাক্তন অলৰাউণ্ডাৰ তথা ছিক্সাৰ কিং বুলি পৰিচিত যুৱৰাজ সিঙে ৰাজস্থান ৰয়েলছৰ বেটছমেন ৰাহুল তেৱেতিয়াক এটা বিশেষ কাৰণৰ বাবে অশেষ ধন্যবাদ জ্ঞাপন কৰিছে।

আই পি এলৰ এখন মেচত ৰাজস্থানৰ তেৱেতিয়াই ৬টা বলত ৫টা ছয় কোবাইছিল। আৰু ইয়াৰ পিছতে যুৱৰাজ সিঙে তেৱেতিয়াক ছয়টা ছয় কোবোৱাৰ বিপৰীতে এটা বল মিছ কৰাৰ বাবে ধন্যবাদ জনায়।

উল্লেখ্য যে, ২৭ ছেপ্তেম্বৰ অৰ্থাৎ দেওবাৰে কিংছ ইলেভেন পঞ্জাৱৰ বিৰুদ্ধে খেলা এখন মেচত তেৱেতিয়াই চেল্ড্ৰন কট্ৰেলৰ এটা অ’ভাৰত ৫ টা ছয় কোবাইছিল।

তেৱেতিয়াই মেচখনৰ ১৮ অভাৰ দিবলৈ অহা কট্ৰেলৰ প্ৰথম চাৰিটা বলত একেৰাহে চাৰিটা ছয় কোবোৱাৰ পিছত পঞ্চমটো বল মিছ কৰিছিল। কিন্তু শেষৰটো বলত পুনৰ অভাৰ বাউণ্ডেৰি মাৰিবলৈ সক্ষম হৈছিল তেৱেতিয়া।

এইদৰে তেওঁ কট্ৰেলৰ অভাৰত ৩০ ৰান সংগ্ৰহ কৰিছিল।

উল্লেখ্য যে এই অভাৰটোৱে মেচৰ ৰূপৰেখা সলনি কৰি দিছিল আৰু অতি ৰোমাঞ্চকৰ মেচখন ৰাজস্থানে চাৰি উইকেটত জয়লাভ কৰে।

তেৱেতিয়াৰ এই বিস্ফোৰক ইনিংছৰ পিছতেই যুৱৰাজে ছ’চিয়েল মিডিয়াযোগে কয়, “হাঁহিমুখৰ তেৱেতিয়া ভাই এটা বল মিছ কৰাৰ বাবে ধন্যবাদ। সঁচাই মেচখন ৰোমাঞ্চকৰ আছিল। মায়ংক আগৰৱাল আৰু সঞ্জু ছেমছনেও সুন্দৰ ইনিংছ খেলিছে”।

উল্লেখণীয় যে যুৱৰাজ সিঙে ২০০৭ চনৰ টি-২০ বিশ্বকাপত ইংলেণ্ডৰ বেগী বলাৰ ষ্টুৱাৰ্ট ব্ৰডৰ এটা অভাৰত ছয়টা ছয় কোবাই ইতিহাস ৰচিছিল।

Related News