NORTHEAST NOW (Assamese)

ইতিহাস! আই পি এল ইতিহাসত সৰ্বাধিক দৰৰ খেলুৱৈত পৰিণত বিশ্বজয়ী অধিনায়ক কামিন্স

December 19, 2023 2:57 pm · এন ই নাও নিউজ, গুৱাহাটী

আজি হৈছে আই পি এলৰ খেলুৱৈৰ নিলাম। এই নিলামত অভিলেখ সৃষ্টিকাৰী দৰত বিক্ৰী হয় অষ্ট্ৰেলিয়াৰ পেট কামিন্স। বিশ্বকাপজয়ী অধিনায়কগৰাকীক অভিলেখ ২০.৫০ কোটি টকাত ক্ৰয় কৰে ছানৰাইজাৰ্ছ হাইদৰাবাদে।

এইদৰে কামিন্স আই পি এল ইতিহাসৰ আটাইতকৈ মূল্যৱান খেলুৱৈত পৰিণত হয়। ইয়াৰ পূৰ্বে সৰ্বাধিক দৰৰ খেলুৱৈ আছিল ইংলেণ্ডৰ চেম কুৰাণ। অলৰাউণ্ডাৰগৰাকীক যোৱা ছিজনত পঞ্জাৱ কিংছে ১৮.৫০ কোটি টকাত ক্ৰয় কৰিছিল।

কামিন্সৰ বাবে নিলামত হাইদৰাবাদৰ লগত প্ৰতিযোগিতাত নামিছিল ৰয়েল চেলেঞ্জাৰ্ছ বাংগালুৰু। কিন্তু ফ্ৰেন্সাইজিটোৰ হাতত ২৩.২৫ কোটি টকা বাকী থকাৰ বাবে কামিন্সৰ দৰৰ পৰা আঁতৰি আহে বাংগালুৰু।

লক্ষণীয়ভাৱে, কামিন্সৰ লগতে এইপৰ্যন্ত নিলামত দুগৰাকী খেলুৱৈৰ দৰ ১০ কোটি টকাৰ ওপৰলৈ উঠিছে। নিউজিলেণ্ডৰ ডেৰিল মিচেলক ১৪ কোটি টকাত চেন্নাই ছুপাৰ কিংছে ক্ৰয় কৰাৰ বিপৰীতে ভাৰতৰ বলিং অলৰাউণ্ডাৰ হৰ্ষল পেটেলক ১১.৭৫ কোটি টকাত ক্ৰয় কৰে পঞ্জাৱ কিংছে।

ইফালে কেৰিবিয়ান অলৰাউণ্ডাৰ ৰ’ভমেন পাৱেলক ৰাজস্থান ৰয়েলছে ৭.৪০ কোটি টকাত, ট্ৰেভিছ হেডক হাইদৰাবাদে ৬.৮০ কোটি টকাত, জেৰাল্ড ক’টজেক ৫ কোটি টকাত মুম্বাই ইণ্ডিয়ানছে, ক্ৰিছ ৱ’কছক ৪.২০ কোটি টকাত পঞ্জাৱে, হেৰী ব্ৰুকক দিল্লী কেপিটেলছে ৪ কোটি টকাত ক্ৰয় কৰে।

আনহাতে শাৰ্দুল ঠাকুৰক ৪ কোটি টকাত আৰু বিশ্বকাপৰ চাঞ্চল্য ৰচিন ৰবীন্দ্ৰক ১.৮০ কোটি টকাত চেন্নাই ছুপাৰ কিংছে ক্ৰয় কৰে। শ্ৰীলংকান স্পিনাৰ ৱানিন্দু হাচাৰাংগাক ১.৫০ কোটি টকাত হাইদৰাবাদে আৰু আফগান অলৰাউণ্ডাৰ আজমতুল্লাহ অ’মাৰজাইক ৫০ লাখত গুজৰাট টাইটানছে ক্ৰয় কৰে।

Related News