NORTHEAST NOW (Assamese)

হত্যা আৰু সন্ত্ৰাসবাদী কাৰ্য্যকলাপৰ অভিযোগত ট্ৰাম্পৰ বিৰুদ্ধে গ্ৰেপ্তাৰী পৰোৱানা জাৰি ইৰাণৰ

June 29, 2020 7:38 pm · এন ই নাও নিউজ
আমেৰিকাৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্প।

জেনেৰেল কাছিম চোলেমানিক বাগদাদত ড্ৰোণেৰে হত্যা কৰা ঘটনাৰ সৈতে জড়িত থকাৰ অপৰাধত ইৰাণে আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ বিৰুদ্ধে গ্ৰেপ্তাৰী পৰোৱানা জাৰি কৰিছে।

ইৰাণে আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পকে ধৰি ভালেকেইগৰাকী নেতাৰ বিৰুদ্ধে এই গ্ৰেপ্তাৰী পৰোৱানা জাৰি কৰিছে।

ইৰাণে ট্ৰাম্পক গ্ৰেপ্তাৰ কৰাৰ বাবে গ্ৰেপ্তাৰী পৰোৱানা জাৰি কৰাৰ পাছতে ইণ্টাৰপ’লক এইক্ষেত্ৰত সহায়ৰ বাবে আহ্বান জনাইছে।

”হত্যা আৰু সন্ত্ৰাসবাদৰ অভিযোগত ট্ৰাম্পৰ বিৰুদ্ধে গ্ৰেপ্তাৰী পৰোৱানা জাৰি কৰা হৈছে,” তেহৰানৰ ন্যায়াধীশ আলি অলকাছিমাৰে এইদৰে কয়।

উল্লেখযোগ্য যে, ইৰাণৰ জেনেৰেল কাছিম চোলেমানিক বাগদাদত মাৰ্কিন সেনাই ড্ৰোণ আক্ৰমণেৰে হত্যা কৰাৰ পাছতে ইৰাণ আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ মাজত সম্পৰ্কৰ অধিক অৱনতি ঘটিছিল।

ইৰাণে এই ঘটনাৰ পাছত সমুদ্ৰ পথত নিজৰ সামৰিক শক্তি বৃদ্ধি কৰাৰ বিপৰীতে আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে আমেৰিকাৰ নৌ সেনা বাহিনীৰ জাহাজৰ ওচৰত ইৰাণৰ যিকোনো জাহাজ দেখিলেই আক্ৰমণ কৰাৰ নিৰ্দেশ দিছিল।

Related News