NORTHEAST NOW (Assamese)

লোকসভাত ৰাজনাথ সিঙৰ বিবৃতিৰ পিছতে চীনৰ প্ৰতিক্ৰিয়া—‘শান্তিৰ বাবেও সাজু, যুদ্ধৰ বাবেও সাজু’

September 16, 2020 4:46 pm · এন ই নাও নিউজ
Updated: September 16, 2020 5:41 pm

লাডাখ সংকটকলৈ চীন-ভাৰতৰ মাজত সৃষ্টি হোৱা উত্তেজনাৰ সময়তে লোকসভাৰ মজিয়াত কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে এক বিবৃতি প্ৰকাশ কৰিছে।

প্ৰতিৰক্ষা মন্ত্ৰী গৰাকীয়ে কয় যে চীনৰ সকলো ধৰণৰ ভাবুকি প্ৰতিহত কৰিব পৰাকৈ ভাৰত সম্পূৰ্ণ সাজু আছে।

এইক্ষেত্ৰত ভাৰতে প্ৰয়োজন সাপেক্ষে চীনৰ বিৰুদ্ধে শক্তি প্ৰয়োগ কৰাৰো ইংগিত দিছিল ৰাজনাথ সিঙে।

ভাৰতৰ প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীৰ এনে মন্তৱ্যৰ পিছতে চীনেও আজি প্ৰতিক্ৰিয়া প্ৰকাশ কৰা দেখা গৈছে।

চীনৰ চৰকাৰী সংবাদপত্ৰ গ্ল’ৱেল টাইমছৰ সম্পাদকীয়ত এই কথা স্পষ্ট ভাবে কোৱা হৈছে যে ভাৰতৰ সৈতে চীনে সুসম্পৰ্ক বজাই ৰাখিব বিচাৰে যদিও ভাৰতীয় সেনাই লাডাখ সীমান্তত আন্তঃৰাষ্টীয় নীতি উলংঘা কৰি চীনৰ ভূখণ্ডত প্ৰৱেশ কৰাটো চীনে কেতিয়াও সহ্য নকৰে।

চৰকাৰী কাকতখনৰ মুখ্য সম্পাক হু জিজিনে লিখা সম্পাদকীয়টোত ভাৰতক এইবুলি সকিয়াই দিয়া হৈছে যে চীনে যিদৰে শান্তিৰ পক্ষপাতী ঠিক তেনেদৰে যুদ্ধৰ বাবেও দেশ খন সম্পূৰ্ণ সাজু আছে।

কাকতখনত লগতে এইবুলিও প্ৰকাশ পাইছে যে সীমান্তত চীনৰ সেনাৰ প্ৰতাপ সহিব নোৱাৰি ভাৰতীয় সেনাই পৃষ্ঠভংগ দিবলৈ বাধ্য হৈছে।

উল্লেখ্য লাডাখৰ পাংগন লেককে ধৰি কেইবাটাও অঞ্চলত চীনৰ সেনাই আগ্ৰাসন চলোৱাৰ কথা ভাৰতে তথ্য সহকাৰে বিশ্ব সম্প্ৰদায়ৰ ওচৰত উপস্থাপন কৰিবলৈ সক্ষম হৈছে।

Related News