NORTHEAST NOW (Assamese)

এয়াৰ কণ্ডিশ্যনৰ পৰা হ’ব পাৰে নেকি কৰ’না ভাইৰাছৰ সংক্ৰমণ? কি কয় বিজ্ঞানীয়ে?

July 28, 2020 1:54 pm · এন ই নাও নিউজ
প্ৰতিনিধিত্বমূলক আলোকচিত্ৰ

কৰ’না ভাইৰাছৰ সম্পৰ্কত বিজ্ঞানীসকলৰ নতুন নতুন গৱেষণাৰ তথ্য নিৰন্তৰ প্ৰকাশ পাই আহিছে।

ইয়াৰ মাজতে বহুতৰে মনত প্ৰশ্ন হৈছে যে এয়াৰ কণ্ডিশ্যনত (এ চি) থাকিলে কৰ’না ভাইৰাছৰ সংক্ৰমণ হ’ব পাৰে নেকি?

বিজ্ঞানীসকলৰ মতে মহামাৰীৰ এই এই পৰ্যায়ত এয়াৰ কণ্ডিশ্যনৰ পৰাও কৰ’না ভাইৰাছ সংক্ৰমণ ঘটাৰ শংকা আছে। 

‘হাৰ্ভাড টি এইচ চান স্কুল অফ পাব্লিক হেল্থ’ৰ অধ্যাপক এডৱাৰ্ড নাৰ্ডনৰ মতে কৰ’না ভাইৰাছ কম তাপমাত্ৰাত অধিক সক্ৰিয় হৈ পৰে। 

এডৱাৰ্ডৰ মতে, বাহিৰত গৰম হোৱাৰ বাবে এয়াৰ কণ্ডিশ্যনে কেবল ভিতৰৰ বতাহকহে চাৰ্কুলেট কৰে। যদি কোঠাত কৰ’না ভাইৰাছ বতাহত বিয়পি পৰে তেতিয়া ই আনকো সংক্ৰমিত কৰিব পাৰে।

‘ইনফেক্সাছ ডিজিজ ছ’চাইটি অফ আমেৰিকা’ত প্ৰকাশিত এক প্ৰতিবেদন অনুসৰি একাংশ বিজ্ঞানীয়ে প্ৰাথমিক অনুসন্ধানত লাভ কৰিছে যে এয়াৰ কণ্ডিশ্যনৰ পৰাও কৰ’না ভাইৰাছ বিয়পিব পাৰে। 

সেয়েহে, এই বিজ্ঞানীসকলে বিষয়টোত বিশ্ব স্বাস্থ্য সংস্থাৰ সৈতে মিলি সমগ্ৰ বিশ্বতে এক ব্যাপক গৱেষণাৰ প্ৰস্তাৱ ৰাখিছে। 

তেওঁলোকৰ মতে কৰ’না ভাইৰাছৰ সংক্ৰমণৰ ক্ষেত্ৰত এয়াৰ কণ্ডিশ্যনো আন এক কাৰণ হ’ব পাৰে। 

আনহাতে, নেব্ৰাস্কা বিশ্ববিদ্যালয়ত চলোৱা এক গৱেষণাত প্ৰথমবাৰৰ বাবে কোৱা হৈছে যে মাইক্ৰ’ ড্ৰপলেটছৰ বহু ক্ষুদ্ৰ কণিকাৰ জৰিয়তেও কৰ’না ভাইৰাছ বিয়পিব পাৰে। 

কেবল কাহিলে বা হাঁচিয়ালেই নহয়, কথা কোৱা আৰু শ্বাস-নিশ্বাসতো কৰ’না ভাইৰাছ বিয়পিব পাৰে বুলি ইয়াৰ পৰাই এটা ধাৰণা কৰা হৈছে। 

এতিয়া দুই মিটাৰ দূৰত্ব বজাই ৰাখিলেই কৰ’নাৰ সংক্ৰমণৰ পৰা ৰক্ষা পৰিব পাৰি বুলি থকা বিজ্ঞানীসকলৰ ধাৰণাৰ ওপৰতো প্ৰশ্নৰ অৱতাৰণা হৈছে।     

Related News