NORTHEAST NOW (Assamese)

ভাৰতত উছেইন ব’ল্ততকৈ দ্ৰুত মানৱ! সহায়ৰ আশ্বাস ক্ৰীড়া মন্ত্ৰী ৰিজিজুৰ

February 15, 2020 4:42 pm · এন ই নাও নিউজ
কৰ্নাটকৰ ম’হদৌৰত শ্ৰীনিৱাস গৌড়া। ছবি সৌজন্য-- টুইটাৰ।

শ্ৰীনিৱাস গৌড়া নামৰ কৰ্নাটকৰ পৰম্পৰাগত ম’হ দৌৰোৱা প্ৰতিযোগিতাৰ এজন অংশগ্ৰহণকাৰী বিশ্বৰ দ্ৰুততম মানৱৰূপে পৰিচিত উছেইন ব’ল্ততকৈও বেগী বুলি চৰ্চিত হৈছে।

ভিডিঅ’টোমতে গৌড়াই ১০০ মিটাৰ দৌৰ সম্পূৰ্ণ কৰিবলৈ মাত্ৰ ৯.৫৫ ছেকেণ্ড সময় লৈছিল। বিপৰীতে ৯.৫৮ ছেকেণ্ডত ১০০ মিটাৰৰ বিশ্বৰেকৰ্ড আছে জামাইকান তাৰকা উছেইন ব’ল্তৰ নামত।

জনপ্ৰিয় কাম্বালা ম’হদৌৰত গৌড়াই দৌৰাৰ ভিডিঅ’ চ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰাৰ পিছত কেন্দ্ৰীয় ক্ৰীড়া মন্ত্ৰী কিৰেন ৰিজিজুৱে তেওঁক সহায় কৰাৰ আশ্বাস দিছে।

আন বহুলোকৰ লগতে উদ্যোগপতি আনন্দ মহিন্দ্ৰায়ো টুইটাৰত ভিডিঅ’টো মন্ত্ৰী ৰিজিজুৰ দৃষ্টিগোচৰ কৰে আৰু গৌড়াৰ প্ৰশিক্ষণৰ ব্যৱস্থা কৰিবলৈ অনুৰোধ কৰে।

মহিন্দ্ৰাৰ টুইটৰ কিছু পিছতে টুইটযোগে ৰিজিজুৱে জনাই যে শ্ৰীনিৱাস গৌড়াক ছাইৰ শীৰ্ষ প্ৰশিক্ষকসকলৰদ্বাৰা প্ৰশিক্ষণ দিয়াৰ বাবে তেওঁ নিমন্ত্ৰণ কৰিব।

Related News