NORTHEAST NOW (Assamese)

ৰোহিতৰ বাবে ৰাষ্ট্ৰীয় দলতকৈ আই পি এলত খেলাটো অধিক গুৰুত্বপূৰ্ণ নেকি?

November 5, 2020 10:55 am · এন ই নাও নিউজ
Updated: November 5, 2020 10:57 am

ৰাষ্ট্ৰীয় দলতকৈ আই পি এল খেলাটো ৰোহিত শর্মাৰ বাবে অধিক গুৰুত্বপূৰ্ণ নেকি বুলি প্ৰশ্ন উত্থাপন কৰিছে প্ৰাক্তন ভাৰতীয় ক্ৰিকেটাৰ দিলীপ ভেংচৰকাৰে।

অলপতে ৰাষ্ট্ৰীয় নিৰ্বাচকসকলে অষ্ট্ৰেলিয়া ভ্ৰমণৰ বাবে ভাৰতীয় দলটো ঘোষণা কৰিছে। হেমষ্ট্ৰিং আঘাতৰ বাবে ৰোহিতক দলত অন্তৰ্ভুক্ত কৰা নহ’ল।

দলত স্থান নোপোৱাৰ বাবে দেশজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰো সৃষ্টি হৈছে।

তীব্ৰ বিতৰ্ক আৰু প্ৰতিক্ৰিয়াৰ অন্তত বিচিচিআইৰ সভাপতি সৌৰভ গাংগুলীয়ে মন্তব্য প্ৰকাশ কৰি কয় যে যদি ৰোহিত সুস্থ হৈ উঠে তেন্তে তেওঁ অষ্ট্ৰেলিয়ালৈ যাব।

ইয়াৰ মাজতে মঙলবাৰে ৰোহিতক ছানৰাইজাৰ্ছ হায়দৰাবাদৰ বিৰুদ্ধে মেচত অংশ লোৱা পৰিলক্ষিত হয়। মেচখনত তেওঁ মাত্ৰ ৪ ৰানহে কৰিছিল।

হেমষ্ট্ৰিং আঘাতৰ বাবে মঙলবাৰৰ মেচখনৰ পূৰ্বে ৰোহিতক চাৰিখন মেচৰ বাবে বিশ্ৰাম দিয়া হৈছিল। তেওঁৰ সলনি, কাইৰণ পোলাৰ্ডে দলটোৰ নেতৃত্ব দিছিল।

চলিত আই পি এলত ৰোহিতক পুনৰ দেখা পোৱা নাযাব বুলি চৰ্চা চলি থকাৰ সময়ত মঙলবাৰৰ মেচখনত তেওঁ পুনৰ দললৈ উভতি আহে।

মুম্বাইৰ জাৰ্চিলৈ পুনৰ ঘূৰি অহাৰ পিছত হিটমেনক লৈ ভেংচৰকাৰে প্ৰশ্ন উত্থাপন কৰি কয়, ‘ৰোহিতৰ বাবে ৰাষ্ট্ৰীয় দলতকৈ আই পি এলত খেলাটো অধিক গুৰুত্বপূৰ্ণ নেকি? ক্লাবটোৱে দেশতকৈ অধিক গুৰুত্ব লাভ কৰিছিল নেকি? বি চি চি আইয়ে এই বিষয়ে কি কৰে সেয়া লক্ষ্যণীয় হ’ব’।

Related News