NORTHEAST NOW (Assamese)
জীৱনশৈলী

স্কিজ’ফ্ৰেনিয়া বংশগত ৰোগ নেকি? জানো আহক কি কৈছে বিশেষজ্ঞই

Posted by: নৰ্থ ইষ্ট নাও, গুৱাহাটী Updated by: নৰ্থ ইষ্ট নাও, গুৱাহাটী January 7, 2025 5:42 pm

যদি পিতৃ বা মাতৃ কোনো এজন স্কিজ’ফ্ৰেনিয়া ৰোগত আক্ৰান্ত হয় তেন্তে শিশুৰ এই ৰোগ হোৱাৰ সম্ভাৱনা ১২ শতাংশ। যদি পিতৃ-মাতৃ দুয়োজনেই আক্ৰান্ত হয় তেন্তে সন্তানৰ এই ৰোগ হোৱাৰ সম্ভাৱনা ৪০-৪৫ শতাংশ।

অৰ্থাৎ জিনীয় কাৰণত এই ৰোগ হব পাৰে। ইয়াৰ উপৰিও শৰীৰত ড’পামিন হৰম’নৰ তাৰতম্যৰ বাবেও এই সমস্যা হ’ব পাৰে। ই এক নিউৰ’কেমিকেল। এই ধৰণৰ স্নায়ুজনিত ৰোগে শৰীৰত শিপাই থাকে।

ইয়াৰ উপৰিও পৰিয়ালৰ অস্থিৰতা, বিচ্ছেদ, যিকোনো কাৰণত মনৰ ওপৰত অত্যধিক হেঁচা, আঘাত — এই সকলোবোৰ কাৰণে স্কিজ’ফ্ৰেনিয়া সৃষ্টি কৰিব পাৰে। এই ৰোগ মানসিক বিষণ্ণতা নহয়। এনে ক্ষেত্ৰত হতাশাৰ লক্ষণ দেখা দিব পাৰে। কিন্তু স্কিজ’ফ্ৰেনিয়া স্নায়ুৰাসায়নিক পদাৰ্থৰ দ্বাৰা হয়।

আচৰণৰ পৰিৱৰ্তন। নিজৰ লগতে কথা পাতি থকা, হাঁহি থকা। কেতিয়াবা হঠাৎ খং, আইনাখনৰ সন্মুখত থিয় হৈ বিভিন্ন ধৰণৰ মুখৰ ভাব প্ৰকাশ আদিবোৰ হৈছে এই ৰোগৰ প্ৰাৰম্ভিক লক্ষণ।

স্কিজ’ফ্ৰেনিয়া ৰোগীয়ে অপ্ৰয়োজনীয় আৰু অবাস্তৱ কথাবোৰ বিশ্বাস কৰাৰ প্ৰৱণতা থাকে। যেনে, কোনেৱে তেওঁৰ ক্ষতি কৰিছে, খাদ্যত বিষ দিছে কোনোবাই নকলেও মনৰ গোপন কথা জানিছে ইত্যাদি।

এই ৰোগীয়ে মানুহৰ লগত একেবাৰে মিলিব নোখোজে। কোনো কাৰণ নোহোৱাকৈ আত্মহত্যাৰ চেষ্টা কৰে। ঘণ্টাৰ পিছত ঘণ্টা ধৰি একে ঠাইতে থিয় হৈ থকাৰ দৰে বিভিন্ন আচৰণৰ কৰে।

যদি এই লক্ষণসমূহৰ কোনো এটা ৬ মাহতকৈ অধিক সময় ধৰি থাকে তেন্তে চিকিৎসকৰ কাষ চাপিব লাগে।এই ৰোগীসকলৰ বাবে বিশেষ যত্নৰ প্ৰয়োজন। তেওঁলোকৰ প্ৰতি অত্যধিক সমালোচনা বা অত্যধিক সুৰক্ষা, তেওঁলোকৰ প্ৰতি শত্ৰুতা কৰাৰ প্ৰয়োজন নাই। ১৮-২০ বছৰ বয়সত ল’ৰাৰ ক্ষেত্ৰত এই ৰোগ হোৱাৰ সম্ভাৱনা বেছি। ২০ বছৰ বয়সৰ পিছত ছোৱালীৰ ক্ষেত্ৰত এই ৰোগৰ আশংকা বেছি। এই ৰোগৰ ঔষধ আছে। কিন্তু এই ক্ষেত্ৰত মনোচিকিৎসা বা পৰামৰ্শৰ দ্বাৰা এই ৰোগ নিৰাময়ৰ সম্ভাৱনা কম।