NORTHEAST NOW (Assamese)

শুই থকা গাঁৱবাসীৰ ওপৰত সন্ত্ৰাসবাদীৰ নিৰ্বিচাৰ গুলীচালনা; নিহত ২৯ জন, অপহৃত ২৩ কিশোৰ

April 28, 2026 11:32 am · এন ই নাও নিউজ, গুৱাহাটী
Updated: May 21, 2026 10:44 am

নিশাৰ আন্ধাৰত সন্ত্ৰাসবাদীৰ আক্ৰমণত ২৯ জন লোক নিহত হৈছে। নাইজেৰিয়াৰ আদামাৱা ৰাজ্যৰ গুইয়াকু গাঁৱত দেওবাৰে নিশা সংঘটিত হয় এই ঘটনা। কিছু সময়ৰ পিছতে টেলিগ্ৰাম চেনেলত এই আক্ৰমণৰ দায়িত্ব স্বীকাৰ কৰে সন্ত্ৰাসবাদী সংগঠন আইছিছে।

আনহাতে, একে সময়তে লোকোজাৰ এখন অনাথ আশ্ৰমৰ পৰা ২৩ জন কিশোৰক অপহৰণ কৰে সন্ত্ৰাসবাদীয়ে। এই পৰ্যন্ত আৰক্ষীয়ে ১৫ জনক উদ্ধাৰ কৰিছে। বাকীবোৰৰ সন্ধান চলি আছে।

গুইয়াকুত প্ৰধানকৈ খ্ৰীষ্টান ধৰ্মাৱলম্বী লোকে বাস কৰে। ইয়াত বহুতো মুছলমান লোকো বাস কৰে। আৰক্ষী আৰু নাইজেৰিয়াৰ চৰকাৰী সূত্ৰৰ মতে, গাঁওবাসীয়ে নিশা শুই আছিল। তেতিয়াই আইছিছ উগ্ৰপন্থীয়ে অস্ত্ৰ লৈ গাঁৱত প্ৰৱেশ কৰে। প্ৰথমে তেওঁলোকে সৰু সৰু গোটত বিভক্ত হয় । ইয়াৰ পিছত ঘৰবোৰত প্ৰৱেশ কৰি নিৰ্বিচাৰে গুলীচালনা কৰিবলৈ আৰম্ভ কৰে।

বহুতে শুই থকা অৱস্থাতে মৃত্যুমুখত পৰে। একাংশ গুৰুতৰভাৱে আহত হয়। গাঁওবাসীয়ে ভয়তে দৌৰিবলৈ আৰম্ভ কৰে। বহুতে ৰক্তাক্ত অৱস্থাত পলায়ন কৰে। আক্ৰমণৰ পিছতে সন্ত্ৰাসবাদীসকলে কেইবাটাও ঘৰত অগ্নিসংযোগ কৰে। সা-সামগ্ৰীবোৰ জ্বলি ছাই হৈ পৰে।

কিছু সময়ৰ ভিতৰতে আৰক্ষীয়ে সেই স্থানত উপস্থিত হয়। আহতসকলক উদ্ধাৰ কৰি স্থানীয় চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়। সম্প্ৰতি তাত চিকিৎসাধীন হৈ আছে। সোমবাৰে আদামাৱা ৰাজ্যৰ ৰাজ্যপাল আহমদু উমাৰু ফিনট্ৰিয়ে গাঁওখন পৰিদৰ্শন কৰে। ক্ষতিগ্ৰস্ত পৰিয়ালসমূহৰ সৈতে তেওঁ বাৰ্তালাপ কৰে। পিছত সংবাদ মাধ্যমৰ সন্মুখীন হৈ আহমদুৱে কয় যে, “এয়া অতি দুখজনক কাণ্ড। মই কাপুৰুষ সন্ত্ৰাসবাদী আক্ৰমণক তীব্ৰ গৰিহণা দিছো।”

সেইদিনা পুৱা কোগী ৰাজ্যৰ লোকোজা গাঁৱৰ এখন অনাথ আশ্ৰমতো সশস্ত্ৰ সন্ত্ৰাসবাদীয়ে আক্ৰমণ চলায়। এই ঘটনাত কোনো লোকৰ মৃত্যু হোৱা নাই। অৱশ্যে অনাথ আশ্ৰমৰ পৰা ২৩জন কিশোৰক অপহৰণ কৰি পলায়ন কৰে। ঘটনাৰ পিছতে আৰক্ষীয়ে তালাচী অভিযান আৰম্ভ কৰে। এই পৰ্যন্ত ১৫ জনক উদ্ধাৰ কৰা হৈছে। বাকীবোৰৰ বাবে সন্ধান চলি আছে। অৱশ্যে কোনো সন্ত্ৰাসবাদী সংগঠনে এই ঘটনাৰ দায়িত্ব স্বীকাৰ কৰা নাই।

একাংশ সূত্ৰৰ মতে, প্ৰায় দুটা দশক ধৰি সমগ্ৰ নাইজেৰিয়াত দুটা মূল সন্ত্ৰাসবাদী সংগঠনে সন্ত্ৰাসৰ ৰাজত্ব চলাই আহিছে। ইয়াৰে এটা হৈছে বকো হাৰাম। নাইজেৰিয়াত ইছলামিক ৰাষ্ট্ৰ স্থাপনৰ লক্ষ্যৰে তেওঁলোকে অপহৰণ, আক্ৰমণ, আত্মঘাতী বোমা বিস্ফোৰণ আদি অত্যাচাৰ চলাইছে।

আন এটা সংগঠন হৈছে ইছলামিক ষ্টেট অৱ ৱেষ্ট আফ্ৰিকা প্ৰভিন্স। এসময়ত তেওঁলোক বকো হাৰামৰ অংশ আছিল। ২০১৬ চনত তেওঁলোকৰ বিচ্ছেদ ঘটিছিল। তেওঁলোকৰ লক্ষ্যও ইছলামিক শাসন প্ৰতিষ্ঠা কৰা। কিন্তু পশ্চিম আফ্ৰিকা প্ৰদেশত সাধাৰণ মানুহতকৈ অধিক সৈনিক আৰু নিৰাপত্তা বাহিনীক আক্ৰমণ কৰা হয়।

Related News