NORTHEAST NOW (Assamese)

আজি গুৰুত্বহীন মেচত নৰ্থ-ইষ্ট য়ুনাইটেডৰ সন্মুখত হায়দৰাবাদ এফ চি

February 20, 2020 11:04 am · এন ই নাও নিউজ

ক্ৰমাগত ১২ খন মেচত জয়ৰ মুখ নেদেখা নৰ্থ-ইষ্ট য়ুনাইটেড এফ চিয়ে আজি হায়দৰাবাদ এফ চিৰ বিৰুদ্ধে খেলিব।

সৰুসজাইৰ ইন্দিৰা গান্ধী এথলেটিকছ ষ্টেডিয়ামত হ’ব লগা মেচখন দুয়োটা দলৰ বাবেই গুৰুত্বহীন। কিয়নো নৰ্থ-ইষ্ট য়ুনাইটেড আৰু হায়দৰাবাদ এফ চি পইণ্ট তালিকাৰ অন্তিম স্থানত আছে।

আজিৰ মেচখনৰ পিছত অহা ২৫ ফেব্ৰুৱাৰিত নৰ্থ-ইষ্ট য়ুনাইটেডে সৰুসজাইতে লীগৰ অন্তিমখন মেচ চেন্নাইন এফ চিৰ বিৰুদ্ধে খেলিব।

ইফালে ছিজনৰ অন্তিমখন মেচ খেলিবলগীয়া হায়দৰাবাদৰ হতাশাজনক বিষয়টো হ’ল দলটোৱে মাত্ৰ এখন মেচতহে জয়লাভ কৰিছে।

১৭ খন মেচৰ ১২ খনত পৰাস্ত আৰু ক্ৰমাগতভাৱে ১৪খন মেচত দেখা নাই জয়ৰ মুখ। দলৰ মুঠ পইণ্ট সাত। সেয়ে জয়েৰে ছিজনৰ সামৰণি পেলোৱাৰ চেষ্টা চলাব দলটোৱে।

আনহাতে উত্তৰ-পূবৰ দৰ্শকক সম্পূৰ্ণ হতাশগ্ৰস্ত কৰা নৰ্থ-ইষ্টে আজিৰ মেচখনত বিজয়ী হৈ তালিকাৰ সন্মানজনক স্থিতিত থকাৰ লক্ষ্য লৈছে।

দলটোৱে এই পৰ্যন্ত খেলা ১৬ খন মেচৰ পৰা পইণ্ট সংগ্ৰহ কৰিছে মমাত্ৰ ১৩।

Related News