NORTHEAST NOW (Assamese)

তিনি পইণ্ট অৰ্জনৰ লক্ষ্যৰে আজি জামছেদপুৰ এফ চিৰ বিৰুদ্ধে নামিব নৰ্থ-ইষ্ট য়ুনাইটেড

December 18, 2020 1:12 pm · এন ই নাও নিউজ

ইণ্ডিয়ান চুপাৰ লীগত এই পৰ্যন্ত অপৰাজিত হৈ ৰোৱা নৰ্থ-ইষ্ট য়ুনাইটেডে আজি জামছেদপুৰ এফ চিৰ বিৰুদ্ধে খেলপথাৰত অৱতীৰ্ণ হ’ব।

‘দলে আৰু বিচাৰে। আমি যিটো স্থানত আছো তাক লৈ আমি সন্তুষ্ট নহয়’, নৰ্থ-ইষ্ট য়ুনাইটেড এফ চিৰ প্ৰশিক্ষক জেৰাৰ্ড নুছে বৃহস্পতিবাৰে ভাৰ্চুৱেলযোগে আয়োজিত সংবাদমেলত এইদৰে কয়।

তেওঁ লগতে কয়, ‘আমি যোৱা ছখন মেচত অপৰাজিত হৈ আছো। কিন্তু আমি শুকুৰবাৰৰ মেচখনত সম্পূৰ্ণ তিনি পইণ্ট অৰ্জনৰ লক্ষ্য বান্ধি লৈছো’।

উল্লেখ্য যে নৰ্থ-ইষ্ট য়ুনাইটেডে এই পৰ্যন্ত খেলা ছখন মেচৰ দুখনত বিজয়ী আৰু চাৰিখনত ড্ৰ খেলিবলৈ সক্ষম হৈছে।

বৰ্তমান দলটোৱে ১০ পইণ্টেৰে তালিকাৰ চুৰ্থ স্থানত আছে।

ইফালে জামছেদপুৰ এফ চিয়েও এই পৰ্যন্ত ছখন মেচ খেলিছে কিন্তু দলটোৰ প্ৰদৰ্শন খুব এটা সন্তোষজনক নহয়।

দলটোৱে এই পৰ্যন্ত এখনত জয়, চাৰিখন ড্ৰ আৰু এখনত পৰাস্ত হৈ মুঠ ৭ পইণ্ট সংগ্ৰহ কৰি তালিকাৰ সপ্তম স্থানত আছে।

Related News