NORTHEAST NOW (Assamese)

গাজাৰ ১৪০০ বছৰ পুৰণি মছজিদ ধ্বংস কৰিলে ইজৰাইলে

December 30, 2023 4:54 pm · নৰ্থ ইষ্ট নাও, গুৱাহাটী

গাজাৰ এটা ঐতিহাসিক মছজিদ ধ্বংস কৰিলে ইজৰাইলৰ বাহিনীয়ে। শেহতীয়াকৈ এজন সাংবাদিকে ভিডিঅ’ যোগে এই তথ্য প্ৰকাশ কৰিছে। 

আলজাজিৰাৰ তথ্য অনুসৰি গাজাৰ উত্তৰ দিশে থকা ওমাৰী মছজিদত সংঘটিত হৈছে এই আক্ৰমণ।

জানিব পৰা মতে, এই মছজিদটো পেলেষ্টাইনৰ তৃতীয় বৃহত্তম মছজিদ আৰু ই প্ৰায় ১৪০০ বছৰ পুৰণি।

শুকুৰবাৰে গাজাৰ স্বাস্থ্য মন্ত্ৰালয়ে জনোৱা মতে, ইজৰাইলৰ আক্ৰমণৰ বাবে এতিয়ালৈকে গাজাত মৃত্যুৰ সংখ্যা ২১ হাজাৰ ৫০৭ জনলৈ বৃদ্ধি পাইছে। লগতে কোৱা হৈছে যে যোৱা ২৪ ঘন্টাত ১৮৭ জন লোকৰ মৃত্যু হৈছে। ইয়াৰ উপৰিও ইজৰাইলৰ আক্ৰমণত গাজাত আহত লোকৰ সংখ্যাই ৫৫ হাজাৰ অতিক্ৰম কৰিছে।

ৰাষ্ট্ৰসংঘৰ তথ্য অনুসৰি ইজৰাইলৰ বাহিনীয়ে গাজাৰ কেন্দ্ৰত প্ৰৱেশ কৰিছে। তাৰ পৰা প্ৰায় ডেৰ লাখ পেলেষ্টাইনী পলায়ন কৰিবলৈ বাধ্য হৈছে। বিবিচিৰ তথ্য অনুসৰি মধ্য গাজাত এতিয়া তীব্ৰ যুদ্ধ চলি আছে।

ৰাষ্ট্ৰসংঘই লগতে প্ৰকাশ কৰিছে যে ৭ অক্টোবৰৰ পৰা আৰম্ভ হোৱা যুদ্ধৰ বাবে গাজাৰ ৮০ শতাংশতকৈ অধিক লোক স্থানচ্যুত হৈছে।

Related News