NORTHEAST NOW (Assamese)

পেলেষ্টাইনৰ কাহিনীৰে নিৰ্মিত ছবিলৈ ইজৰাইলৰ শ্ৰেষ্ঠ চলচ্চিত্ৰ বঁটা : বঁটাৰ ধন বন্ধ কৰি দিয়াৰ হুংকাৰ ইজৰাইলৰ সাংস্কৃতিক মন্ত্ৰীৰ

September 18, 2025 9:45 pm · এন ই নাও নিউজ, গুৱাহাটী
Updated: September 18, 2025 5:10 pm

ইজৰাইলৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ সন্মান অফি বঁটাৰ বাবে চৰকাৰী ধন বন্ধ কৰি দিয়াৰ হুংকাৰ দিছে ইজৰাইলৰ সংস্কৃতি মন্ত্ৰী মিকি জোহৰে।

এইবাৰৰ ইজৰাইলৰ শ্ৰেষ্ঠ চলচ্চিত্ৰ বঁটা লাভ কৰিছে “দ্য ছি” শীৰ্ষক ছবিখনে। এই ছবিখন এটা ১২ বছৰীয়া পেলেষ্টাইনী কিশোৰৰ কাহিনীৰ আধাৰত নিৰ্মাণ কৰা হৈছে।

ছবিখনত পশ্চিম তীৰত বাস কৰা এই লৰাটোৱে প্ৰথমবাৰৰ বাবে সাগৰ চাবলৈ টেল আভিভলৈ যাত্ৰা কৰিব বিচাৰিছে। তেনেকৈয়ে কিশোৰজনৰ আশা-আকাংক্ষা, পেলেষ্টাইনৰ জীৱন সংগ্ৰাম আৰু ৰাজনৈতিক পটভূমিৰ কথা দেখুওৱা হৈছে।

উল্লেখ্য যে এই বঁটাক ইজৰাইলৰ অস্কাৰৰ সমতুল্য বুলি গণ্য কৰা হয়। অহা বছৰ অস্কাৰৰ আন্তঃৰাষ্ট্ৰীয় বৈশিষ্ট্যপূৰ্ণ চলচ্চিত্ৰ শাখাত ইজৰাইলক প্ৰতিনিধিত্ব কৰিব এই ছবিখনে।

ইফালে মন্ত্ৰী মিকি জোহাৰে এই বঁটা নিৰ্বাচনক লজ্জাজনক আৰু ইজৰাইলৰ নাগৰিকক অপমানজনক বুলি অভিহিত কৰিছে।

কিন্তু স্থানীয় সংবাদ মাধ্যমৰ বাতৰি অনুসৰি, অফিৰ বঁটাৰ বাবে ধন আগবঢ়োৱা বন্ধ কৰাৰ কৰ্তৃত্ব তেওঁলোকৰ প্ৰকৃততে আছে নে নাই সেয়া স্পষ্ট নহয়।

এই ছবিখনত ১৩ বছৰীয়া মহম্মদ গাজ্জাৱীয়ে শ্ৰেষ্ঠ অভিনেতাৰ বঁটা লাভ কৰি ইতিহাস ৰচনা কৰি এতিয়ালৈকে আটাইতকৈ কম বয়সীয়া বিজয়ী হিচাপে পৰিগণিত হৈছে।

Related News