NORTHEAST NOW (Assamese)

জ্যোতিষীৰ আজব দাবী, ‘শনি’য়েহে নাগৰিকত্ব বিধেয়ক গৃহীত হোৱাত বাধা দি আছে

February 5, 2019 10:47 pm · কল্পজ্যোতি শইকীয়া
Updated: February 5, 2019 10:49 pm

অসম তথা উত্তৰ-পূবৰ খিলঞ্জীয়া মানুহে অস্তিত্বৰ শংকাত ভুগি প্ৰবল বিৰোধিতা কৰি থকা নাগৰিকত্ব সংশোধনী বিধেয়কখন ৰাজ্যসভাত এতিয়ালৈকে গৃহীত নোহোৱাৰ আঁৰত অদ্ভুত কাৰণ বিচাৰি উলিয়ালে গুৱাহাটীৰ এজন জ্যোতিষীয়ে।

‘বিধেয়কখন গৃহীত হোৱাত প্ৰবল বাধা আছে, আৰু সেইটো একমাত্ৰ শনিৰ কাৰণে’, কালচক্ৰ পূৰ্ণাংগ পঞ্জিকা নামেৰে এখন বৰ্ষ পঞ্জিকা উন্মোচন কৰি আজি গুৱাহাটী প্ৰেছ ক্লাবত সংবাদ মাধ্যমৰ আগত জ্যোতিষী পুলিন চন্দ্ৰ দেৱশৰ্মাই কৰিছে এই দাবী।

লগে লগে জিজ্ঞাসু সাংবাদিকৰ টিপ্পনীভৰা প্ৰশ্ন,- তেতিয়া হ’লে শনি আমাৰ কাৰণে ভাল, ভাল কাম কৰি আছে?

থতমত খোৱা জ্যোতিষীৰ উত্তৰ- ‘ভাল-বেয়া মই কোৱা নাই। কিন্তু শনিয়ে প্ৰবল বাধা দি আছে।‘

তেওঁ লগতে ভৱিষ্যৎদ্বাণী কৰে যে ২০২০ চনৰ ফেব্ৰুৱাৰিৰ পিছত বেলেগ পদ্ধতিত আগ বাঢ়ি যাব পাৰে বিধেয়কৰ কাম। অৱশ্যে নিজৰ এই মন্তব্যৰ অধিক ব্যাখ্যাৰ পৰা বিৰত থাকে জ্যোতিষীজন।

আনহাতে তেওঁৰ জ্যোতিষ গণনা মতে, হিমন্ত বিশ্ব কেতিয়াও মুখ্য মন্ত্ৰী হ’ব নোৱাৰে। ‘সেইটো ইম্পছিবল, তেওঁ মুখ্য মন্ত্ৰী হ’ব নোৱাৰে।‘ পুলিন চন্দ্ৰ দেৱশৰ্মাই কয়।

২০২০ চনৰ ফেব্ৰুৱাৰি মাহৰ পৰাহে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কিছু ভাল দিন আহিব পাৰে বুলিও দেৱশৰ্মাই সদৰী কৰে।

ইপিনে শনিৰ কাৰণেই বৰ্তমানৰ ৰাজ্য চৰকাৰত বিশৃংখলা দেখা যাব বুলি দাবী কৰে নিজকে চৰকাৰৰ ৰাজজ্যোতিষী বুলি দাবী কৰা পুলিন চন্দ্ৰ দেৱশৰ্মাই।

মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ বিবাহৰ সম্পৰ্কেও কেতবোৰ তাৎপৰ্য্যপূৰ্ণ মন্তব্য কৰে জ্যোতিষীজনে।

“নাৰীসংস্পৰ্শ বা নাৰীৰ লগত যদি বেছি ঘনিষ্ঠতা হয়, স্ত্ৰীশক্তিৰ সৈতে যদি ঘনিষ্ঠতা হয়, সেইটো এটা বৈবাহিক সম্বন্ধ বুলিও ক’ব পাৰি।”, শৰ্মাৰ তাৎপৰ্য্যপূৰ্ণ মন্তব্য।

“যদিওবা দুয়োটা যুগ্ম জীৱন নহয়, (সোণোৱালৰ ক্ষেত্ৰত) সেই বস্তুটো এবছৰলৈকে আছে। আমি যোৱা বছৰেই কৈছিলো যে এইটো বৈবাহিক সম্বন্ধৰ যোগ নহয়।”, সোণোৱালৰ বিবাহ-যোগৰ ক্ষেত্ৰত জ্যোতিষীজনে এইদৰে কয়।

ইয়াৰোপৰি, ভাৰতীয় ৰাজনীতিৰ প্ৰেক্ষাপট বিশ্লেষণ কৰি তেওঁ কয় যে আগন্তুক লোকসভা নিৰ্বাচনত বিজেপিৰ আসন অৱনমিত হ’ব। একেদৰে অসমতো আসন কমিব বিজেপিৰ।

Related News