NORTHEAST NOW (Assamese)

‘ধৰ্মৰ পবিত্ৰতা ৰক্ষা কৰাটো প্ৰশাসনৰ কৰ্তব্য’, তিৰুপতিৰ লাড়ু সন্দৰ্ভত ৰাহুল গান্ধীৰ মন্তব্য

September 21, 2024 11:58 am · নৰ্থ ইষ্ট নাও, গুৱাহাটী

তিৰুপতি মন্দিৰৰ প্ৰসাদ তথা লাড়ু সম্পৰ্কে চলি থকা বিতৰ্ক সন্দৰ্ভত মন্তব্য প্ৰকাশ কৰিছে বিৰোধী নেতা ৰাহুল গান্ধীয়ে। তেওঁ কয় যে, ‘যি অভিযোগ উত্থাপন হৈছে, সেই অভিযোগে সমগ্ৰ বিশ্বৰ কোটি কোটি তিৰুপতি ভক্তক আঘাত কৰিছে। সকলো ধৰ্মৰ পবিত্ৰতা ৰক্ষা কৰাটো প্ৰশাসনৰ কৰ্তব্য।”

তিৰুপতি মন্দিৰৰ লাড়ুক কেন্দ্ৰ কৰি দেশত ব্যাপক হূলস্থুলৰ সৃষ্টি হৈছে। পৰীক্ষাগাৰৰ ৰিপৰ্ট অনুসৰি মন্দিৰটোত প্ৰসাদ হিচাপে দিয়া লাড়ুত গৰুৰ চৰ্বি আৰু মাছৰ তেল পোৱা গৈছে!

কংগ্ৰেছে প্ৰথম অৱস্থাত এই বিষয়টো ইমান গুৰুত্বসহকাৰে লোৱা নাছিল। বৰঞ্চ নিৰ্বাচনৰ প্ৰাকমুহূৰ্তত এয়া বিজেপিৰ মেৰুকৰণৰ প্ৰয়াস বুলি কংগ্ৰেছে দাবী কৰিছিল। কংগ্ৰেছৰ মুখপাত্ৰ পৱন খেৰাই সংবাদমেল অনুষ্ঠিত কৰি দাবী কৰে যে নিৰ্বাচনৰ প্ৰাকমুহূৰ্তত এনে মেৰুকৰণ বিষয় উত্থাপন কৰি বিজেপিয়ে সুবিধা লাভৰ চেষ্টা চলাইছে।

কিন্তু ৰাহুল গান্ধীয়ে ইয়াৰ বিপৰীতে গৈ মন্তব্য কৰে যে হিন্দুসকলৰ আৱেগক আঘাত কৰা হৈছে।

এক্স হেণ্ডেলত বিৰোধী দলৰ নেতাগৰাকীয়ে কয়, ‘তিৰুপতি মন্দিৰৰ লাড়ু বিতৰ্কৰ খবৰটো লজ্জাজনক। ভাৰতৰ লগতে সমগ্ৰ বিশ্বতে প্ৰভু বালাজীৰ কোটি কোটি ভক্ত আছে। এই বিষয়টোৱে সকলোকে প্ৰভাৱিত কৰিব। ইয়াৰ ওপৰত পুংখানুপুংখ তদন্ত হ’ব লাগে।” ৰাহুলৰ স্পষ্ট কথা, “সকলো ধৰ্মৰ পবিত্ৰতা বজাই ৰখাটো সমগ্ৰ দেশৰ প্ৰশাসনৰ কৰ্তব্য।”

মন কৰিবলগীয়া যে তিৰুপতিৰ লাড়ুক লৈ তীব্ৰ জল্পনা-কল্পনা চলি থকাৰ মাজতে শুকুৰবাৰে উচ্চতম ন্যায়ালয়ত এই আবেদন দাখিল কৰা হয়। এই ঘটনাত হিন্দু ধৰ্মীয় নীতি-নিয়ম উলংঘা কৰা বুলি অভিযোগ উত্থাপন কৰে বাদীসকলে।

Related News