NORTHEAST NOW (Assamese)
আন্ত: ৰাষ্ট্ৰীয়

মৰ্মান্তিক! কেলাব্ৰিয়া উপকূলত নাও ডুবি ১২ শিশুসহ ৫৯ গৰাকী প্ৰব্ৰজনকাৰীৰ মৃত্যু

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী February 27, 2023 11:08 am
60 migrant killed in Italy

দক্ষিণ ইটালীৰ কেলাব্ৰিয়া উপকূলত সংঘটিত এক ভয়ংকৰ নাও দুৰ্ঘটনাত শোকাৱহভাৱে প্ৰাণ হেৰুৱাইছে ১২ শিশুসহ প্ৰায় ৫৯ গৰাকী প্ৰব্ৰজনকাৰীয়ে। এই ভয়ংকৰ দুৰ্ঘটনাত আৰু বহুকেইগৰাকী যাত্ৰী সন্ধানহীন হোৱাৰ আশংকা কৰা হৈছে।

কেলাব্ৰিয়া অঞ্চলৰ উপকূলীয় চহৰ ক্ৰ’টনৰ ওচৰত অৱতৰণ কৰিবলৈ চেষ্টা কৰি থকা অৱস্থাতে দুৰ্ঘটনাত পতিত হয় নাওখন। দুৰ্ঘটনাত প্ৰাণৰক্ষা পৰা একাংশ যাত্ৰীৰ মতে, নাওখনত প্ৰায় ২০০ গৰাকী লোক আছিল।

উপকূলৰক্ষী বাহিনীয়ে জানিবলৈ দিয়া মতে, ঘটনাৰ পাছতে চলোৱা উদ্ধাৰ অভিযানত ৮০ গৰাকী লোকক জীৱন্তে উদ্ধাৰ কৰা হৈছে। উদ্ধাৰ হোৱা কিছু লোক দুৰ্ঘটনাৰ পাছতে সাতুঁৰি নিজেই পাৰত উপনীত হ’বলৈ সক্ষম হয় বুলি উপকূলৰক্ষী বাহিনীয়ে লগতে কয়।

ইফালে ঘটনাৰ পিছতে ইটালীৰ গৃহ মন্ত্ৰী মেটিঅ’ পিয়ান্টেড’ছিয়ে ঘটনাস্থলী পৰিদৰ্শন কৰে। দুৰ্ঘটনাত পতিত নাওখনৰ প্ৰায় ৩০ গৰাকী যাত্ৰী এতিয়াও নিৰুদ্দেশ হৈ থাকিব পাৰে বুলি তেওঁ সংবাদ মাধ্যমৰ আগত উল্লেখ কৰে।

ইটালীৰ এক স্থানীয় সংবাদ সংস্থা আনছা- ই প্ৰকাশ কৰা বাতৰি অনুসৰি, দুৰ্ঘটনাত নিহতসকলৰ ভিতৰত মাত্ৰ কেইমাহমান বয়সৰ এক শিশুও আছে।

ইফালে উদ্ধাৰ অভিযানত ভাগ লোৱা উদ্ধাৰকাৰীসকলে সংবাদ সংস্থা এ এফ পি- ক জানিবলৈ দিয়া মতে, নাওখনত কিমানসংখ্যক যাত্ৰী আছিল সেয়া স্পষ্ট নহয়।

দুৰ্ঘটনাগ্ৰস্ত নাওখনত ২০০তকৈ অধিক লোক আছিল বুলি সন্দেহ কৰা হৈছে। সেই অনুসৰি ৬০ গৰাকীতকৈ অধিক লোক সন্ধানহীন হোৱাৰ আশংকা প্ৰকাশ কৰে উদ্ধাৰকাৰীসকলে।

কেইবাদিনো পূৰ্বে তুৰস্কৰ পৰা যাত্ৰা কৰা এই নাওখনত আফগানিস্তান, পাকিস্তান, ছোমালিয়া আৰু ইৰাণৰ যাত্ৰী আছিল বুলি জানিব পৰা গৈছে। প্ৰতিকূল বতৰৰ বাবে সাগৰৰ তলৰ শিলত খুন্দা খোৱাৰ ফলত এই ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হোৱাৰ সন্দেহ কৰা হৈছে।