NORTHEAST NOW (Assamese)
দেশ

আজি আদালতত উপস্থিত হ’ব মনীষ চিছ’দিয়া: দেশজোৰা প্ৰতিবাদ ঘোষণা আপৰ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী February 27, 2023 10:04 am
Manish Sisodia Arrested

দিল্লীৰ সুৰা নীতিৰ গোচৰত দেওবাৰে গ্ৰেপ্তাৰ হোৱা আম আদমী পাৰ্টিৰ নেতা তথা দিল্লীৰ উপ-মুখ্যমন্ত্ৰী মনীষ চিছ’দিয়াক আজি আদালতত হাজিৰ কৰোৱা হ’ব। তদন্তকাৰী সংস্থা চিবিআই- এ কালি চিছ’দিয়াক গ্ৰেপ্তাৰ কৰাৰ পিছত সংস্থাৰ দিল্লীস্থিত মুখ্য কাৰ্যালয়তে নিশাটো কটাবলগীয়া হয় চিছ’দিয়াই।

আজি চিছ’দিয়াক চিবিআই আদালতত হাজিৰ কৰোৱাৰ পূৰ্বে চিকিৎসা পৰীক্ষা সম্পন্ন কৰা হ’ব। ইফালে চিছ’দিয়াৰ গ্ৰেপ্তাৰৰ বিৰোধিতাৰে দেশজুৰি প্ৰতিবাদ সাব্যস্ত কৰাৰ কথা ঘোষণা কৰিছে আম আদমী পাৰ্টিয়ে। আম আদমি পাৰ্টিৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক সন্দীপ পাঠকে আজি সমগ্ৰ দেশতে প্ৰতিবাদ সাব্যস্ত কৰিব বুলি জানিবলৈ দিয়ে।

দেওবাৰে এক টুইট যোগে পাঠকে কয়, “দেশৰ লাখ লাখ শিশুৰ ভৱিষ্যত গঢ় দিয়া মহান শিক্ষামন্ত্ৰী মনীষ চিছ’দিয়াক ভুৱা গোচৰত গ্ৰেপ্তাৰ কৰা হৈছে। ইয়াৰ বিৰুদ্ধে কাইলৈ আম আদমী পাৰ্টিয়ে সমগ্ৰ দেশতে প্ৰতিবাদ সাব্যস্ত কৰিব।”

দিল্লীৰ মন্ত্ৰী গোপাল ৰায়ে চিছ’দিয়াৰ গ্ৰেপ্তাৰক লৈ আজি আপে ক’লা দিৱস পালন কৰিব বুলি উল্লেখ কৰিছে। আনহাতে আপ মুৰব্বী তথা দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে চিছ’দিয়াক গ্ৰেপ্তাৰক ‘লেতেৰা ৰাজনীতি’ বুলি অভিহিত কৰি এই কাৰ্যৰ প্ৰতি জনসাধাৰণে প্ৰতিক্ৰিয়া জনাব বুলি সকীয়াই দিছে।

ইফালে সম্ভাৱ্য প্ৰতিবাদমুখৰ পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি দিল্লী আৰক্ষীয়ে কেইবাটাও স্থানত সুৰক্ষা বাহিনী মোতায়েন কৰিছে। এক বিবৃতিত আৰক্ষীয়ে আজি চিবিআইৰ মুখ্য কাৰ্যালয়ৰ বাহিৰত বৃহৎ সংখ্যক আম আদমী পাৰ্টিৰ কৰ্মী আৰু সমৰ্থক সমবেত হোৱাৰ সম্ভাৱনা আছে বুলি উল্লেখ কৰিছে।

আজি দিনৰ প্ৰায় ১২ বজাত দিল্লীৰ দীনদয়াল উপাধ্যায় মাৰ্গত ভাৰতীয় জনতা পাৰ্টিৰ মুখ্য কাৰ্যালয়ৰ বাহিৰতো প্ৰতিবাদ সাব্যস্ত কৰাৰ পৰিকল্পনা কৰিছে আপে।

উল্লেখ্য যে, দিল্লী চৰকাৰৰ নতুন সুৰা নীতিত দুৰ্নীতিৰ অভিযোগৰ সন্মুখীন হৈছিল মনীষ চিছ’দিয়া। এই সুৰা নীতি কেলেংকাৰীৰ গোচৰত দেওবাৰে আঠ ঘণ্টা ধৰি জেৰা চলোৱাৰ অন্তত কেন্দ্ৰীয় তদন্তকাৰী সংস্থাটোৱে গ্ৰেপ্তাৰ কৰিছিল মনীষ চিছ’দিয়াক।