NORTHEAST NOW (Assamese)
দেশ

এয়া মোদীৰ চৰকাৰ নহয়, আম্বানী-আদানীৰহে চৰকাৰ: লালকিল্লাৰ পৰা কেন্দ্ৰীয় চৰকাৰক তুলাধুনা ৰাহুল গান্ধীৰ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী December 24, 2022 10:17 pm
Rahul Gandhi Bharat Jodo Yatra

তিনিমাহ অতিক্ৰম কৰা কংগ্ৰেছৰ ভাৰত জোড়ো যাত্ৰাই আজি ৰাজধানী দিল্লীত প্ৰৱেশ কৰিছে। ৰাহুল গান্ধীৰ নেতৃত্বত অব্যাহত থকা যাত্ৰাই আজি দিল্লীত প্ৰৱেশ কৰাৰ পাছতে যাত্ৰাৰ প্ৰতি সঁহাৰি জনাই ব্যাপক হাৰত জনসমাগম হোৱা পৰিলক্ষিত হয়।

এই বিশাল জনসমাগমক সম্বোধি আজি লালকিল্লাৰ বাকৰিত কেন্দ্ৰীয় চৰকাৰৰ বিৰুদ্ধে আক্ৰমণাত্মক হৈ পৰে ৰাহুল গান্ধী। কেন্দ্ৰীয় চৰকাৰক তীব্ৰ সমালোচনা কৰি গান্ধীয়ে কেন্দ্ৰৰ শাসনাধিষ্ঠ চৰকাৰখনক প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ পৰিৱৰ্তে আম্বানী আৰু আদানীৰহে চৰকাৰ বুলি অভিহিত কৰে।

কংগ্ৰেছ নেতাগৰাকীয়ে লগতে বিজেপিক তুলাধুনা দি প্ৰকৃত বিষয়ৰ পৰা দেশৰ জনসাধাৰণৰ দৃষ্টি আঁতৰাই ৰাখিবলৈ দেশত হিন্দু-মুছলমানৰ ঘৃণা বিয়পাই দিয়া হৈছে বুলি অভিযোগ কৰে। বিজেপিৰ এই ঘৃণনীয় ৰাজনীতিৰ পৰা দেশক একত্ৰিত কৰাই ভাৰত জোড়ো যাত্ৰাৰ লক্ষ্য আৰু উদ্দেশ্য বুলি মন্তব্য কৰে গান্ধীয়ে।

নিজ ভাষণত গান্ধীয়ে কয়, “আমি যেতিয়া কন্যাকুমাৰীৰ পৰা এই যাত্ৰা আৰম্ভ কৰিছিলো, তেতিয়া মই ভাবিছিলো যে এই ঘৃণা মচি পেলোৱাৰ প্ৰয়োজন। মই ভাবিছিলো যে এই দেশৰ সকলোতে ঘৃণা বিয়পি আছে। কিন্তু যেতিয়া মই যাত্ৰা আৰম্ভ কৰিলোঁ, তেতিয়া ইয়াৰ এক বিপৰীত সত্য বাহিৰলৈ আহিল।”

“দিনে-নিশাই হিন্দু-মুছলিমৰ ঘৃণা বিয়াপাই দিয়া হৈছে। কিন্তু এয়া সত্য নহয়। এই দেশ এখনেই। মই লক্ষাধিক লোকৰ সৈতে মিলিত হৈছো। তেওঁলোকে সকলোৱে পৰস্পৰক ভাল পায়। তেতিয়াই প্ৰশ্ন হয়, কিয় এই ঘৃণা বিয়পাই দিয়া হৈছে?”— গান্ধীয়ে লগতে কয়।

দেশৰ নিবনুৱা সমস্যাৰ বিষয়ে উল্লেখ কৰি ৰাহুল গান্ধীয়ে কয় যে ইমান বছৰে অধ্যয়ন কৰি ডিগ্ৰী লাভ কৰা যুৱক-যুৱতীসকলে পকৰি বিক্ৰী কৰি আছে। তেওঁ লগতে কৃষক আৰু ক্ষুদ্ৰ তথা মজলীয়া খণ্ডৰ ব্যৱসায়ীসকলৰ বাবে এতিয়া বেংকৰ দুৱাৰ বন্ধ বুলি অভিযোগ কৰে।

এই সন্দৰ্ভত গান্ধীয়ে কয়, “ভাৰতৰ দুই এগৰাকী কোটিপতিক ১ লাখ কোটি, ২-৩ লাখ কোটি টকা দিয়া হয়। কিন্তু এই ক্ষুদ্ৰ ব্যৱসায়ী আৰু কৃষকসকলে যেতিয়া বেংকলৈ যায়, তেতিয়া তেওঁলোকক নিৰ্মমভাৱে বাহিৰ কৰি দিয়া হয়।”

তদুপৰি কংগ্ৰেছৰ শীৰ্ষ নেতাগৰাকীয়ে লগতে প্ৰধানমন্ত্ৰী মোদীৰ বিমুদ্ৰাকৰণ আৰু জি এছ টি- ক নীতিৰ পৰিৱৰ্তে ক্ষুদ্ৰ তথা মজলীয়া ব্যৱসায়ী আৰু কৃষকসকলক হত্যাৰ বাবে ব্যৱহৃত অস্ত্ৰ বুলি দাবী কৰে।