NORTHEAST NOW (Assamese)

গো-সুৰক্ষা আইনক ভেঙুচালি! আৰক্ষীৰ চকুত ধূলি দি ৰাজ্যত অব্যাহত আছে গৰুৰ চোৰাং বেহা

January 10, 2022 12:24 pm · ৰিদীপ শৰ্মা, কলিয়াবৰ
ফটো: নৰ্থইষ্ট নাও।

চৰকাৰৰ কঠোৰতাৰ বিপৰীতে সাতত্ৰিশ নম্বৰ ঘাইপথেৰে অব্যাহত আছে গৰুৰ  চোৰাং বেহা। চোৰাং বেপাৰীয়ে কৌশল সলনি কৰি গৰু সৰবৰাহৰ বাবে ব্যৱহাৰ কৰিছে ন-ন কৌশল।

নিশা কলিয়াবৰৰ জখলাবন্ধাত সাতত্ৰিশ নম্বৰ ঘাইপথত অবৈধভাৱে গৰু সৰবৰাহ কৰা দুখন ট্ৰাক জব্দ কৰে জখলাবন্ধা আৰক্ষীয়ে। জব্দকৃত ট্ৰাক দুখনৰ পৰা উদ্ধাৰ কৰা হৈছে ৩১টাকৈ গৰু। অবৈধভাৱে গোধন সৰবৰাহত জড়িত চাৰিজনক আটক কৰা হৈছে।

বোকাখাটৰ বিহৰা আৰু চিন্তামণি গড়ৰ পৰা নথি বহিৰ্ভুতভাৱে গৰু খিনি কঢ়িয়াই আনিছিল ট্ৰাক দুখনত। জখলাবন্ধা আৰক্ষীয়ে গৰু ভৰ্তি AS 01 JC 1763 আৰু AS 02 CC 2918 নম্বৰৰ ট্ৰাক দুখন জব্দ কৰে।

লগতে পঢ়ক: ইন্দোৰৰ পৰা ছুল্লি ডীলছৰ মূল অভিযুক্তক গ্ৰেপ্তাৰ দিল্লী আৰক্ষীৰ

গৰু সৰবৰাহত জড়িত চামগুৰিৰ ছৰিফুল ইছলাম, আবু হানিফা আৰু ৰূপহীহাটৰ হাকিম আলী আৰু ৰঞ্জন আলীক আটক কৰিছে জখলাবন্ধা আৰক্ষীয়ে। জব্দকৃত গৰু সমূহ ইতিমধ্যে নগাঁও গোশালালৈ প্ৰেৰণ কৰা হৈছে।

জানিব পৰা অনুসৰি কলিয়াবৰ মহকুমা আৰক্ষী বিষয়া মৃণ্ময় দাসৰ এক গোপন সূত্ৰৰ ভিত্তিত জখলাবন্ধা আৰক্ষী বিষয়া বিকু বৰ্মনে জখলাবন্ধা আৰক্ষীৰ এটা দলৰ সহযোগত চলোৱা তালাচী অভিযানত চোৰাং গৰুসহ বাহন দুখন জব্দ কৰিবলৈ সক্ষম হয়।

বৰ্তমান আটকাধীন লোক কেইজনক অধিক তথ্যৰ বাবে জেৰা অব্যাহত ৰাখিছে।

লগতে পঢ়ক: অসম কৃষি বিশ্ববিদ্যালয়ত সংক্ৰমণ; দুটা ছাত্ৰী নিৱাসৰ ৪৪ গৰাকী আৱাসী কোভিড পজিটিভ

প্ৰশ্ন হয়, চৰকাৰৰ গো-সুৰক্ষা আইনখন কিমান ফলপ্ৰসু হৈছে? চৰকাৰে নাকী লগাব পাৰিবনে এই দুষ্ট চক্ৰটোক? নে আইনৰ চকুত ধূলি দি চলি যাব গৰুৰ চোৰাং এই ৰমৰমীয়া বেহা? কাৰ চত্ৰছাঁয়াত চলি আছে এই গৰুৰ চোৰাং সৰবৰাহ? চৰকাৰ তথা প্ৰশাসনে অনাগত দিনত কি ব্যৱস্থা গ্ৰহণ কৰিব সেইয়া হব লক্ষনীয়।

Related News