NORTHEAST NOW (Assamese)

চীন, আমেৰিকাক প্ৰত্যাহ্বান জনাই জাপানে নিৰ্মাণ কৰিব ষষ্ঠ প্ৰজন্মৰ যুদ্ধ বিমান

July 11, 2020 8:08 am · এন ই নাও নিউজ

 

বিগত প্ৰায় তিনিটা দশক ধৰি বিদেশৰ মাটিত যুদ্ধ নকৰা জাপানে শেহতীয়া কৈ পৰিৱৰ্তিত পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিবলৈ সামৰিক ক্ষেত্ৰ খনত নিজকে শক্তিশালী আৰু সুৰক্ষিত কৰাৰ পৰিকল্পনা কৰিছে।

দক্ষিণ চীন সাগৰক লৈ জাপানৰ সৈতে সংঘাতত লিপ্ত হৈ অহা চীনে ষ্টিল্থ যুদ্ধ বিমান j-20 সাজি উলিওৱাৰ সময়তে জাপানেও সম্পূৰ্ণ ঘৰুৱা প্ৰযুক্তিৰে ষ্টিল্থ যুদ্ধ বিমান নিৰ্মাণৰ পৰিকল্পনা কৰিছে।

সেই মৰ্মে ২০৩১ চনৰ ভিতৰত জাপানে নিৰ্মাণ কৰিব ষষ্ঠ প্ৰজন্মৰ যুদ্ধ বিমান।

এই যুদ্ধ বিমান চীন বা আমেৰিকাতকৈ কোনো গুণে পিছপৰা নহ’ব বুলি জাপানৰ ৰাষ্ট্ৰীয় সংবাদ প্ৰতিষ্ঠান এন এইছ কেই প্ৰকাশ কৰিছে।

ষষ্ঠ প্ৰজন্মৰ যুদ্ধ বিমানে জাপানৰ বৰ্তমান প্ৰচলিত চতুৰ্থ প্ৰজন্মৰ যুদ্ধ বিমান 100F-2 Jet ৰ ঠাই দখল কৰিব। আমেৰিকাই শেহতীয়াকৈ F-35 বিমান ক্ৰয় কৰিবলৈ লোৱা সিদ্ধান্তৰ পিছতে জাপানেও দেশখনৰ প্ৰতিৰক্ষা ক্ষেত্ৰখনক অধিক শক্তিশালী কৰাৰ বাবে ঘৰুৱা প্ৰযুক্তিৰে যুদ্ধ বিমান নিৰ্মাণৰ কথা চিন্তা কৰে।

জাপানে ২০২০ চনৰ সামৰিক বাজেটত ধাৰ্য কৰিছে ২৬১ নিযুত মাৰ্কিন ডলাৰ।

আন  দেশৰ পৰা আহিব পৰা সামৰিক প্ৰত্যাহ্বানৰ কথা জাপানে সৌসিদিনালৈ ভৱা নাছিল যদিও এতিয়া চিন্তা কৰিবলৈ আৰম্ভ কৰিছে।

Related News