NORTHEAST NOW (Assamese)

টীম ইণ্ডিয়াৰ ফাৰ্ষ্ট বলাৰ যশপ্ৰীত বুমৰাহে বিয়া পাতিলে সঞ্জনাক; শ্বেয়াৰ কৰিলে ফটো

March 15, 2021 4:55 pm · এন ই নাও নিউজ
বুমৰাহ আৰু সঞ্জনা। ফটো: ইনষ্টাগ্ৰাম।

ভাৰতীয় ফাৰ্ষ্ট বলাৰ যশপ্ৰীত বুমৰাহে সোমবাৰে জনপ্ৰিয় স্পৰ্টছ প্ৰেজেন্টাৰ সঞ্জনা গণেশনৰ সৈতে বিয়া পতাৰ বাতৰি ছচিয়েল মিডিয়াৰ জৰিয়তে শ্বেয়াৰ কৰিছে।

বুমৰাহে সঞ্জনাৰ সৈতে বিয়া পতাৰ পাছত তেওঁলোকৰ বিয়াৰ ফটো ইনষ্টাগ্ৰামত শ্বেয়াৰ কৰিছে।

বাতৰি অনুসৰি, বুমৰাহ আৰু সঞ্জনাই গোৱাত তেওঁলোকৰ বিবাহ অনুষ্ঠান সম্পন্ন কৰে।

দীৰ্ঘদিনৰে পৰা চলি থকা জল্পনা-কল্পনাৰ অন্ত পেলাই অৱশেষত বুমৰাহে সঞ্জনাৰ সৈতে বিবাহপাশত আৱদ্ধ হয়।

টুইটাৰ প’ষ্টত বুমৰাহে লিখিছে, ‘’প্ৰেমৰ পথেৰে আগবাঢ়ি একেলগে নতুন পথৰ সূচনা হ’ল। আজি আমাৰ জীৱনৰ অন্যতম সুখৰ দিন আৰু আমাৰ বিয়াৰ খৱৰ আৰু আনন্দ আপোনালোকৰ সৈতে ভগাই ল’বলৈ পাই নিজকে ধন্য মানিছো।‘’

ইপিনে, সঞ্জনায়ো নিজৰ ইনষ্টাগ্ৰামত বিয়াৰ ফটো প’ষ্ট কৰিছে। সঞ্জনায়ো কেপশ্যনত একেখিনি কথাকেই লিখিছে।

বাতৰি অনুসৰি, বিবাহ অনুষ্ঠানত মাত্ৰ ২০জন লোক উপস্থিত আছিল।

Related News