NORTHEAST NOW (Assamese)

ভাৰতৰ ছবিত ধ্বংসাত্মক দৃশ্যৰ সমালোচনা ইহুদী মানৱাধিকাৰ গোটৰ; ‘বাৱাল’ক লৈ অসন্তুষ্টি!

July 27, 2023 9:09 pm · এন ই নাও নিউজ, গুৱাহাটী

হত্যাকাণ্ডৰ দৰে ধ্বংসাত্মক “অসংবেদনশীল চিত্ৰণ”ৰ বাবে বলীউডৰ ছবি বাৱালক ষ্ট্ৰীমিং চাৰ্ভিচক নিজৰ প্লেটফৰ্মৰ পৰা আঁতৰাই পেলাবলৈ আমাজন প্ৰাইমলৈ পত্ৰ প্ৰেৰণ কৰিছে এক ইহুদী সংস্থাই। চাইমন উইচেনথাল চেণ্টাৰ নামৰ সংস্থাটোৱে কয় যে ছবিখনে “লাখ লাখ লোকৰ দুখ আৰু পদ্ধতিগত হত্যাকাণ্ড”ক তুচ্ছজ্ঞান কৰিছে।

ৰোমান্টিক নাটকত হ’ল’কাষ্টক যিদৰে ব্যৱহাৰ কৰা হৈছে তাৰ বাবেও ভাৰতৰ বহুতেই ছবিখনক সমালোচনা কৰিছে। কিন্তু অভিনেতা-অভিনেত্ৰী আৰু পৰিচালকে এই সমালোচনাক অযুক্তিকৰ বুলি অভিহিত কৰিছে।

যোৱা শুকুৰবাৰে প্ৰাইম ভিডিঅ’ত মুক্তি পোৱা ছবিখনে চিনেমা সমালোচক আৰু দৰ্শকে কিছুমান দৃশ্য আৰু সংলাপৰ সমালোচনা কৰিছে যিয়ে নায়কসকলৰ প্ৰেম কাহিনী আৰু হ’ল’কাষ্টক (হত্যাযজ্ঞ) একাকাৰ কৰি তুলিছে।

সদ্য বিবাহিত দম্পতী হিচাপে ছবিখনত মুখ্য চৰিত্ৰত অভিনয় কৰা জনপ্ৰিয় অভিনেতা বৰুণ ধাৱন আৰু জাহ্নৱী কাপুৰে ইউৰোপ ভ্ৰমণ কৰিছে।

তেওঁ এজন ইতিহাসৰ শিক্ষক আৰু তেওঁৰ লক্ষ্য হৈছে তেওঁৰ ছাত্ৰ-ছাত্ৰীসকলক দ্বিতীয় বিশ্বযুদ্ধ শিকাবলৈ ইনষ্টাগ্ৰাম ৰিল বনোৱা আৰু নায়িকাই আশা কৰিছে যে তেওঁলোকৰ ব্যৰ্থ বিবাহক বচাবলৈ শেষ প্ৰচেষ্টা চলাব।

বলীউডৰ ছবিৰ প্ৰদৰ্শন অনুসৰণ কৰা ৱেবছাইটসমূহে বাৱালক ব্যৱসায়িকভাৱে হিট বুলি ঘোষণা কৰিছে। তেওঁলোকে কয় যে ইতিমধ্যে ই ছয়ৰ পৰা সাত মিলিয়ন ভিউ লাভ কৰিছে আৰু বৃহস্পতিবাৰে প্ৰাইম ভিডিঅ’ এপে ইয়াক “ভাৰতৰ শীৰ্ষ ১০” তালিকাত আগবাঢ়ি থকা দেখুৱাইছে।

কিন্তু মুক্তিৰ পিছৰে পৰা ছবিখনে ভুল কাৰণত বাতৰিৰ শিৰোনাম দখল কৰি আহিছে – হ’ল’কাষ্টৰ চিত্ৰকল্প আৰু সংলাপৰ ব্যৱহাৰ বেয়া ৰুচিৰ আছিল বুলি সমালোচকসকলে আঙুলিয়াই দিয়াৰ লগে লগে ছবিখনে বহু ইতিবাচক সমালোচনা পোৱাত ব্যৰ্থ হয়।

এটা দৃশ্যত হিটলাৰক মানুহৰ লালসাৰ উপমা হিচাপে ব্যৱহাৰ কৰা হৈছে, কাপুৰে অভিনয় কৰা চৰিত্ৰটোৱে কৈছে, “আমি সকলোৱে অলপ হিটলাৰৰ দৰেই নহয়নে?”

আন এটা দৃষ্টান্তত নায়িকাই কয় যে “প্ৰতিটো সম্পৰ্ক তেওঁলোকৰ অশ্বিট্জি (হত্যালীলা)ৰ মাজেৰেই যায়” – নাজী জাৰ্মানীৰ আটাইতকৈ ডাঙৰ মৃত্যু শিবিৰৰ উল্লেখ কৰা হয় য’ত প্ৰায় এক মিলিয়ন ইহুদীক হত্যা কৰা হৈছিল।

মঙলবাৰে ইহুদী মানৱ অধিকাৰ সংস্থা চাইমন উইচেনথাল চেণ্টাৰেও এই সমালোচনাত যোগদান কৰে – ই এক বিবৃতিত কয় যে অশ্বিট্জিক উপমা হিচাপে ব্যৱহাৰ কৰা উচিত নহয় কাৰণ ই “মানুহৰ বেয়া ক্ষমতাৰ এক উৎকৃষ্ট উদাহৰণ”।

বিবৃতিটোত কোৱা হৈছে যে এই ছবিখনৰ নায়কে ‘প্ৰতিটো সম্পৰ্ক তেওঁলোকৰ অশ্বিট্জিৰ মাজেৰে যায়’ বুলি ঘোষণা কৰি নিতেশ তিৱাৰীয়ে [পৰিচালক] ছয় নিযুত হত্যা কৰা ইহুদী আৰু হিটলাৰৰ গণহত্যাকাৰী শাসনৰ হাতত ক্ষতিগ্ৰস্ত হোৱা আন লাখ লাখ লোকৰ স্মৃতিক তুচ্ছজ্ঞান আৰু হেয়জ্ঞান কৰিছে।

ইয়াত লগতে কোৱা হৈছে যে যদি ছবি নিৰ্মাতাৰ লক্ষ্য নাজী ডেথ কেম্পত এটা ফেণ্টাচি ছিকুৱেন্সৰ চিত্ৰগ্ৰহণৰ আছিল তেন্তে তেওঁলোকৰ ছবিখনৰ বাবে জনসংযোগ [প্ৰচাৰ] লাভ কৰাত তেওঁ সফল হৈছে।

বিবৃতিটোত আমাজন প্ৰাইমক ছবিখনৰ “বাণিজ্যকৰণ বন্ধ” কৰি তৎক্ষণাত ইয়াক নিজৰ প্লেটফৰ্মৰ পৰা আঁতৰাই পেলাবলৈ কোৱা হৈছে।

যদিও ছবিখনৰ নিৰ্মাতাসকলে এই বক্তব্যৰ প্ৰতি এতিয়াও কোনো সঁহাৰি দিয়া নাই, তথাপিও ছবিখনৰ প্ৰচাৰ ভ্ৰমণৰ সময়ত ইয়াৰ পূৰ্বে দিয়া এক সাক্ষাৎকাৰত ধাৱনে কৈছিল যে হিন্দী ছবিৰ সৰু সৰু কথাত মানুহে ক্ষোভিত হয় যদিও ইংৰাজী ছবিক অধিক স্বচ্ছতা দিয়াৰ প্ৰৱণতা থাকে।

পৰিচালক নিতেশ তিৱাৰীয়ে কৈছিল যে ছবিক “মেগনিফাইং গ্লাছ”ৰে চাব নালাগে কাৰণ তেতিয়া “আপুনি সৃষ্টি কৰা প্ৰতিটো কামতে সমস্যা বিচাৰি পাব”। (সূত্ৰ-বিবিচি)।

Related News