NORTHEAST NOW (Assamese)

মাত্ৰ ১টকাত ৩০ দিনৰ ভেলিডিটি, বিনামূলীয়া ডাটা! কি এই Jioৰ ধামাকা প্লেন?

December 16, 2021 2:20 pm · এন ই নাও নিউজ, গুৱাহাটী

বৰ্তমান সময়ত এটকাৰে কিবা কিনিব পৰা যায় নে? তামোল এখনৰ দামেইতো চাৰি-পাঁচ টকা। তেনেহ’লে ১টকাৰ ৰিচাৰ্জ প্লেন আগবঢ়োৱাৰ কথাটো কিমান সত্য? হয়, মিছা নহয় মাত্ৰ ১টকাতে জিঅ’ই আনিছে এক আকৰ্ষণীয় ৰিচাৰ্জ প্লেন।

ৰিলায়েন্স জিঅ’ৰ প্লেন আহিছে মাত্ৰ ১টকাত। এই ১টকাতে আগবঢ়াইছে ডাটাসহ ৩০ দিনৰ ভেলিডিটি। কিন্তু কেনেকৈ পাব এই প্লেনৰ সুবিধা?

এপত দিয়া 4G ডাটা ভাউচাৰৰ ছেকশ্যনৰ ‘Other Plans’ত এয়া পোৱা যাব।

Also Read: শ্বিনা বৰা জীয়াই আছে, বৰ্তমান আছে কাশ্মীৰত! চিবিআইক চিঠি লিখি জনালে ইন্দ্ৰানী মুখাৰ্জীয়ে

ইয়াতেই লুকাই আছে এই বিশেষ প্লেন য’ত ১টকাৰ ৰিচাৰ্জ কৰিব পৰা যায়।

এই প্লেনত দিনে 10 এমবি কৈ মুঠ ১০০ এমবি ডাটা পোৱা যাব। কেতিয়াবা অলপ অতিৰিক্ত নেটৰ প্ৰয়েজন হ’লেই এইটো ৰিচাৰ্জ কৰি ল’ব পাৰে। 

Related News