NORTHEAST NOW (Assamese)

US vs China on Taiwan: টাইৱানকলৈ বিস্ফোৰক বিডেন! খঙত তিঙিৰি তুলা চীন

September 19, 2022 2:52 pm · এন ই নাও নিউজ, গুৱাহাটী

Joe Biden again says the U.S. would help Taiwan আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু চীনৰ মাজত ক্ৰমে উত্তেজনা বাঢ়ি গৈ আছে। আমেৰিকাৰ ৰাষ্ট্ৰপতি জো বিডেনৰ শেহতীয়া মন্তব্যই দুয়োখন দেশৰ মাজৰ সম্পৰ্কৰ অধিক অৱনতি ঘটোৱাৰ আশংকা কৰা হৈছে।

বিডেনে কয় যে যদি চীনে টাইৱানক আক্ৰমণ কৰিবলৈ চেষ্টা কৰে তেন্তে আমেৰিকা যুক্তৰাষ্ট্ৰই ইয়াক সুৰক্ষা দিব। ইপিনে, চীনে দীৰ্ঘদিন ধৰি টাইৱানৰ ওপৰত নিজৰ অধিকাৰ দাবী কৰি আহিছে।

চিবিএছ নিউজত সম্প্ৰচাৰিত এক অনুষ্ঠানত বিডেনক সোধা হৈছিল যে যদি চীনে টাইৱান আক্ৰমণ কৰে তেন্তে আমেৰিকান বাহিনী, আমেৰিকান পুৰুষ আৰু মহিলা সকলোৱে ইয়াক ৰক্ষা কৰিব? বিডেনে উত্তৰ দিছিল, “হয়’’।

লগতে পঢ়ক: এইবাৰ চীনে সফল পৰীক্ষণ কৰিলে উৰিব পৰা গাড়ীৰ , প্ৰতি ঘণ্টাত গতিবেগ ২৩০ কিলোমিটাৰ !

চিবিএছ নিউজে জানিবলৈ দিছে যে সাক্ষাৎকাৰৰ পিছত হোৱাইট হাউচৰ তৰফৰ পৰা কোৱা হয় যে আমেৰিকা যুক্তৰাষ্ট্ৰৰ নীতিত কোনো পৰিৱৰ্তন হোৱা নাই। এই নীতিৰ বাবে আমেৰিকা যুক্তৰাষ্ট্ৰই বিশ্বাস কৰে যে টাইৱান সমস্যা শান্তিপূৰ্ণভাৱে সমাধান কৰা উচিত।

অৱশ্যে, চীনে আক্ৰমণ কৰিলে আমেৰিকা যুক্তৰাষ্ট্ৰৰ বাহিনী প্ৰেৰণ কৰিব পৰা যাব নে নাই  সেয়া এই নীতিয়ে নিৰ্দিষ্ট কৰা নাই। বিডেনৰ এই মন্তব্য এনে এটা সময়ত আহিছে যেতিয়া চীনৰ ৰাষ্ট্ৰপতি জি জিনপিঙৰ চৰকাৰে টাইৱানক সাগৰত ক্ষেপণাস্ত্ৰ নিক্ষেপ কৰি তথা চৌপাশৰ অঞ্চলত যুঁজাৰু বিমান উৰুৱাই ভাবুকি দিয়াৰ চেষ্টা কৰিছে।

শেহতীয়াকৈ আমেৰিকা যুক্তৰাষ্ট্ৰৰ প্ৰতিনিধি সভাৰ অধ্যক্ষ নেন্সি পেলোচিকে ধৰি  আমেৰিকা যুক্তৰাষ্ট্ৰৰ বহু ৰাজনৈতিক ব্যক্তিয়ে টাইৱান ভ্ৰমণ কৰিছিল। ইয়াৰ পিছতে চীন অধিক ক্ষুব্ধ হৈ উঠিছে। আমেৰিকাৰ প্ৰতিনিধিসকল টাইৱানৰ পৰা উভতি অহাৰ পিছতে চীনে সামৰিক অনুশীলন আৰম্ভ কৰে।

লগতে পঢ়ক: টাইৱানত ৭.২ প্ৰাবল্যৰ ভূমিকম্প, বাট-পথ বিধ্বস্ত , বাগৰি পৰিল ৰে’ল ,চুনামিৰ সতৰ্কবাণী

চীনৰ কিয় ইমান খং উঠিছে? শেহতীয়াকৈ চীনে আমেৰিকা যুক্তৰাষ্ট্ৰৰ চিনেটৰ দ্বাৰা অনুমোদিত টাইৱানৰ প্ৰতিৰক্ষা সহযোগিতা বৃদ্ধিৰ বাবে এখন বিধেয়কৰ ওপৰত অসন্তুষ্টি প্ৰকাশ কৰিছে। চীনৰ বৈদেশিক মন্ত্ৰালয়ে আমেৰিকা যুক্তৰাষ্ট্ৰৰ ওপৰত ‘এক চীন’ নীতিৰ প্ৰতি প্ৰতিশ্ৰুতি উলংঘা কৰা আৰু চীনৰ আভ্যন্তৰীণ বিষয়ত হস্তক্ষেপ কৰাৰ অভিযোগ উত্থাপন কৰিছে।

চীনৰ বৈদেশিক মন্ত্ৰালয়ৰ মুখপাত্ৰ মাও নিংয়ে কৈছিল যে এক-চীন নীতি হৈছে চীন-আমেৰিকা যুক্তৰাষ্ট্ৰৰ সম্পৰ্কৰ ৰাজনৈতিক আধাৰ। যদি বিধেয়কখন আলোচনা, অনুমোদন বা স্বাক্ষৰ কৰা হয় তেন্তে ই চীন-আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাজনৈতিক ভিত্তি উলংঘা কৰিব।

লগতে পঢ়ক: Super-Typhoon জাপানত শক্তিশালী টাইফুন নানমাডোলৰ আতংক ; হাজাৰ হাজাৰ লোকক সুৰক্ষিত স্থানলৈ স্থানান্তৰিত

২০২২ চনৰ টাইৱান নীতি আইনে টাইৱানৰ নিৰাপত্তা আৰু ইয়াৰ আত্ম-নিৰ্ধাৰণৰ অধিকাৰ সমৰ্থন কৰে আৰু ইয়াৰ অধীনত টাইৱানৰ প্ৰতিৰোধী পদক্ষেপ বৃদ্ধিৰ বাবে বিলিয়ন মাৰ্কিন ডলাৰ প্ৰতিৰক্ষা পুঁজি প্ৰদান কৰিব বুলি জানিব পৰা গৈছে।

Related News