NORTHEAST NOW (Assamese)
Popular Stories

Joe Biden falls off bike: চাইকেল চলাই ৰাস্তাতে পৰিল চিত ভোলঙা খাই; আমেৰিকাৰ ৰাষ্ট্ৰপতি জো বিডেনৰ হ’ল এই অৱস্থা

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী June 19, 2022 10:00 am

আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি জো বিডেনে চাইকেল চলাই যাওঁতে ৰাস্তাতে চিত ভোলোঙা খাই বাগৰি পৰে। শনিবাৰে ৰাতিপুৱা বিডেনে ডেলাৱেৰত তেওঁৰ জিৰণি ঘৰৰ গৃহৰ ওচৰতে চাইকেল চলাই আছিল। সেই সময়তে আমেৰিকাৰ ৰাষ্ট্ৰপতি গৰাকী হঠাতে পৰি যায়। অৱশ্যে ৭৯ বছৰীয়া বিশ্ব নেতাজনে বাইকৰ পৰা বাগৰি পৰি লগে লগে কৈ উছে, “মই ঠিকে আছো।‘’

বাতৰি অনুসৰি আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতিগৰাকীয়ে তেওঁৰ পত্নী আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ ফাৰ্ষ্ট লেডী জিল বিডেনৰ সৈতে ৰেহোবট সাগৰৰ পাৰত চাইকেল চলাই আছিল। সেই সময়ত বিডেনে ৰাস্তাৰ কাষত থিয় হৈ থকা কাৰোবাৰ সৈতে কথা পাতিবলৈ ৰৈ যোৱাৰ মুহূৰ্তে তেওঁ চাইকেলৰ পৰা পৰি যায়।

বিডেনে তাত উপস্থিত থকা সাধাৰণ নাগৰিক আৰু সাংবাদিকসকলক কয় যে তেওঁ নিয়ন্ত্ৰণ হেৰুওৱাৰ বাবে পৰি গৈছিল।

ইপিনে, আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতিগৰাকীৰ চাইকেলৰ পৰা পৰি যোৱাৰ দৃশ্য ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে।

ঘটনাস্থলীত উপস্থিত সাংবাদিকসকলে জানিবলৈ দিয়া মতে আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতিগৰাকী ৰাস্তাত বাগৰি পৰে যদিও তেওঁ শৰীৰত কোনো আঘাত পোৱা নাই।

পিছত হোৱাইট হাউচে এক বিবৃতি জাৰি কৰি কয় যে বিডেনৰ কোনো স্বাস্থ্য পৰীক্ষাৰ প্ৰয়োজন নাই। তেওঁ দিনটোৰ বাকী সময় তেওঁৰ পৰিয়ালৰ সৈতে কটাব।

ইয়াৰ পূৰ্বে ২০২০ চনত ৰাষ্ট্ৰপতি নিৰ্বাচিত হোৱাৰ পিছতে জো বিডেনে তেওঁৰ পোহনীয়া কুকুৰৰ সৈতে খেলি থাকোতে ভৰি ভাঙিছিল। পিছত, ২০২১ চনত চিকিৎসকসকলক জনাইছিল যে বিডেনৰ স্বাস্থ্য ভাল আছে।