NORTHEAST NOW (Assamese)

কোভিডৰ সংহাৰ: বাতিল হ’ল ঐতিহাসিক জোনবিল মেলা, পালন কৰা হ’ব কেৱল ধৰ্মীয় পৰম্পৰাহে

January 20, 2022 10:28 am · এন ই নাও নিউজ,গুৱাহাটী
ফাইল ফটো

বিশ্বত্ৰাস সৃষ্টি কৰা অতিমাৰী ক’ৰ’নাৰ সংহাৰৰ বাবেই বাতিল কৰা হ’ল ঐতিহাসিক জোনবিল মেলা। কেৱল পৰম্পৰা ৰক্ষা কৰিয়েই ধৰ্মীয় ৰীতি খিনিহে এইবাৰ পালন কৰা হ’ব।

সেই মৰ্মে আজি জাগীৰোডৰ দেওঁশাল মন্দিৰত গোভা ৰজাই কণী ভাঙি জোনবিল মেলাৰ আনুষ্ঠানিকতা খিনি সম্পন্ন কৰে।

উল্লেখ্য এই প্ৰাচীন মেলালৈ পাহাৰৰ মামা-মামীসকলৰে ভৈয়ামৰ লোকৰ সম্প্ৰতিৰ ‘বিনিময় প্ৰথা’ আৰু সমূহীয়াকৈ মাছ ধৰা পৰ্ব অনুষ্ঠিত হৈ আহিছিল।

জোনবিল মেলাত জনগোষ্ঠীয় খাদ্য মেলা, বাণিজ্য মেলা, কাঠৰ দোকান আৰু সাংস্কৃতিক অনুষ্ঠান সমূহ বাতিল কৰা ।
ঐতিহাসিক যুগৰে পৰা পৰম্পৰাগতভাৱে চলি অহা ইতিহাসপ্ৰসিদ্ধ জোনবিল মেলাথলীত প্ৰতি বছৰে হাজাৰ হাজাৰ লোকৰ সমাগমেৰে জনসমুদ্ৰত পৰিণত হয়।

জাগীৰোড নগৰৰ পৰা পাঁচ কিলোমিটাৰ উত্তৰে জোনবিলৰ পাৰত অনুষ্ঠিত পাহাৰ-ভৈয়ামৰ সমন্বয়ৰ ক্ষেত্ৰত পৰিণত জোনবিল মেলাত আধুনিক যুগৰ মুদ্ৰা প্ৰচলনৰ বিপৰীতে পৌৰাণিক বিনিময় প্ৰথা উজলি উঠে।

জোনবিলত আৰম্ভ হয় সমূহীয়া মাছমৰা পৰ্ব আৰু পৰম্পৰাগত কুকুৰা যুঁজ।

মামা-মামীসকলে নিজৰ লগত অনা আদা, হালধি, লাও, কচু, শিল কোমোৰা আদিৰ লগত ভৈয়ামৰ সান্দহ, তিলপিঠা, লাড়ু, মাছ আদিৰে প্ৰত্যক্ষ বিনিময় কৰে।

কিন্তু কোভিডৰ সংহাৰৰ বাবেই এইবাৰ তেনে কাৰ্যসূচীসমূহ বাতিল কৰা হৈছে। ইয়াৰ পৰিৱৰ্তে পালন কৰা হ’ব কেৱল ধৰ্মীয় আচাৰ-ৰীতি খিনিহে।

Related News