NORTHEAST NOW (Assamese)
অসম

“জোণমণি-ৰুণজুন তেতিয়া চকুত জোন’’ : পৰিচয় ওলাল জুবিনৰ কিশোৰকালৰ প্ৰেম জোনমণি গগৈৰ

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী September 25, 2025 10:16 pm

জুবিন গাৰ্গৰ এটা অতি জনপ্ৰিয় এলবাম আছি ‘পাখি’। ইয়াৰে ‘পাখি পাখি এই মন’ শীৰ্ষক গীতটোত আছিল দুগৰাকী ছোৱালীৰ নাম – জোনমণি আৰু ৰুণজুন। গীতটোত জুবিনে লিখিছে – “জোনমনি ৰুণ্ জুণ্/তেতিয়া চকুত জোন/ নিভাঁজ আবেগৰ/টোপাটোপে সৰা সোণ।”

বিভিন্ন অনুষ্ঠানত জুবিন গাৰ্গে কৈছিল জোনমণি আৰু ৰুণজুনৰ কথা। জোনমণি আৰু ৰুণজুনৰ কথা বিভিন্ন অনুষ্ঠানত কৈছিল জুবিনে।

তামুলপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত পঢ়ি থকাৰ সময়ত জুবিনে লগ পাইছিল সেই জোনমণি আৰু ৰুণজুনক। তামুলপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পঞ্জীয়ন বহীত জুবিনৰ নামৰ তলতে আছিল জোনমণি গগৈ নামৰ যুৱতীৰ নাম। যোৱা বছৰ তামুলপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ-ছাত্ৰী সমাৰোহৰ সময়ত পুনৰ প্ৰকাশ পাইছিল সেই পঞ্জীয়ন বহীত থকা জুবিন-জোনমণিৰ নাম।

জুবিন গাৰ্গৰ মৃত্যুৰ পিছত পোহৰলৈ আহিছে জোনমণিৰ পৰিচয়। তেওঁৰ সম্পূৰ্ণ নাম জোনমণি গগৈ। জুবিন গাৰ্গৰ সৈতে দশম শ্ৰেণীত একেলগে অধ্যয়ন কৰিছিল জোনমণি গগৈয়ে। জোনমণি গগৈয়ে সংগীত পৰিৱেশন কৰোতে লগত তবলা সংগত কৰিছিল জুবিনে গাৰ্গে।

জোনমণি গগৈ এতিয়া বিবাহিত। তামুলপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যয়ন শেষ হোৱাৰ পিছত কেতিয়াও জোনমণিয়ে জুবিনক লগ পোৱা নাই।

জোনমণি গগৈৰ পিতৃগৃহ শিৱসাগৰত। দেউতাকৰ চাকৰিসূত্ৰে তামুলপুৰত আছিল জোনমণি গগৈ। সেই সময়তে জুবিন গাৰ্গো পৰিয়ালৰ সৈতে আছিল তামুলপুৰত।