NORTHEAST NOW (Assamese)

জিলা প্ৰশাসনৰ অভিযান; টীয়কৰ চেলেংহাট বাগান অঞ্চলত কেইবাটাও অবৈধ চুলাই ঘাটি ধ্বংস

July 13, 2021 8:57 am · নিৰ্মলেন্দু পাঠক
ফটো: নৰ্থইষ্ট নাও।

অবৈধ চুলাই মদৰ বিৰুদ্ধে যোৰহাট জিলা প্ৰশাসনে এক বিশেষ সুত্ৰৰ পম খেদি  সোমবাৰে বিয়লি টীয়কৰ চেলেংহাট বাগান অঞ্চলত অভিযান চলাই কেইবাটাও অবৈধ ঘাটি ভাঙি চুলাই বনাবলৈ ব্যৱহৃত কেঁচামাল নষ্ট কৰে।

যি সময়ত বিশেষকৈ গ্ৰাম্যাঞ্চলত ক’ভিডৰ সংক্ৰমণ বৃদ্ধিৰ অন্যতম কাৰণ হিচাপে চুলাই ঘাটিসমূহে বিশেষ চৰ্চা লাভ কৰিছে তেনে সময়তে প্ৰশাসনে জিলাখনৰ বিভিন্ন ক’ভিড হটস্পট অঞ্চলৰ ৰাইজৰ মাজত সজাগতা আনিবলৈ চেষ্টা অব্যাহত ৰাখিছে।

ইয়াৰ সমান্তৰালকৈ অবৈধ চুলাইৰ বিৰুদ্ধে প্ৰশাসনে গ্ৰহণ কৰাপদক্ষেপক ৰাইজে আদৰণি জনাইছে।

অভিযানত যোৰহাট জিলা প্ৰশাসনক টীয়ক আবকাৰী বিভাগে পূৰ্ণ সহযোগিতা আগবঢ়ায়।

Related News