NORTHEAST NOW (Assamese)
অসম

যোৰহাটৰ উপ আৰক্ষী অধীক্ষক মৃদুল আহমেদ আৰু নাই

Posted by: স্মিতা ভট্টাচাৰ্য্য January 2, 2019 6:10 pm
Jorhat

হৃদৰোগত আক্ৰান্ত হৈ ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয় হস্পিতেলত বুধবাৰে পুৱা প্ৰাণ হেৰুৱাইছে যোৰহাটৰ উপ আৰক্ষী অধীক্ষক মহম্মদ মৃদুল আহমেদে।

jorhat police
আহমেদৰ মৃত্যুত শোক যোৰহাট আৰক্ষীৰ।

বিষয়াগৰাকীৰ মৃত্যুত শোক প্ৰকাশ কৰি জিলা আৰক্ষী অধীক্ষক ভি চি নিম্বালকাৰে কয় যে তেওঁ নোহোৱা হোৱাতো যোৰহাট আৰক্ষীৰ লগতে অসম আৰক্ষীৰ বাবেও এক পূৰাব নোৱাৰা ক্ষতি।

“যোৰহাটৰ প্ৰতিজন আৰক্ষীয়েই বিভাগটোলৈ তেওঁৰ বৃহৎ বৰঙনি সদায় মনত ৰাখিব। ভগৱানে তেওঁৰ পৰিয়ালক শক্তি দিয়ক আৰু তেওঁৰ আত্মাই শান্তি পাওক,” নিম্বালকাৰৰ মন্তব্য।

অসম আৰক্ষী সেৱাৰ বিষয়াগৰাকী যোৰহাটত সীমান্ত শাখাৰ উপ আৰক্ষী অধীক্ষকৰূপে কৰ্মৰত আছিল।