NORTHEAST NOW (Assamese)
অসম

টংলাত অসম ৰাজ্যিক বিদ্যুৎ পৰিষদ কৰ্মী য়ুনিয়নৰ দ্বিবাৰ্ষিক আলোচনাচক্ৰৰ আয়োজন

Posted by: ছাজিদ খান Updated by: ছাজিদ খান January 2, 2019 7:08 pm
https___blogs-images.forbes.com_stevensalzberg_files_2014_08_670px-power_lines

ওদালগুৰি জিলাৰ টংলাত অসম ৰাজ্যিক বিদ্যুৎ পৰিষদ কৰ্মী য়ুনিয়নৰ ৩০ সংখ্যক দ্বিবাৰ্ষিক আলোচনাচক্ৰৰ আয়োজনৰ পূৰ্ণ প্ৰস্তুতি চলি  আছে। অসম ৰাজ্যিক বিদ্যুৎ পৰিষদ কৰ্মী য়ুনিয়ন হৈছে ইলেক্ট্ৰিচিটী ৱৰ্কাৰ্ছ ফেডাৰেশ্যন অৱ ইণ্ডিয়াৰ দ্বাৰা স্বীকৃত।

এই ৩ দিনীয়া আলোচনাচক্ৰ জানুৱাৰিৰ ৫ তাৰিখৰ পৰা আৰম্ভ হ’ব। স্থানীয় বৰদলৈ ভৱন চৌহদত এই আলোচনাচক্ৰ আৰম্ভ হ’ব। সমগ্ৰ ৰাজ্যৰ বিভিন্ন অংশৰ পৰা অহা প্ৰায় ২০০ সদস্যই এই আলোচনাচক্ৰত অংশগ্ৰহণ কৰিব।

আব্দুল মুছাবিৰক (দুল) সভাপতি আৰু বিপুল বড়োক কাৰ্যকৰী সভাপতি হিচাপে লৈ ইতিমধ্যে এখন অভ্যৰ্থনা সমিতি গঠন কৰা হৈছে। অভ্যৰ্থনা সমিতিৰ সাধাৰণ সম্পাদক হৈছে ললিত কুমাৰ বাগলাৰী। উভ্যৰ্থনা সমিতিখনৰ বহুকেইখন উপ-সমিতি আছে।

কাৰ্যসূচী অনুসৰি, প্ৰথম দিনা কেন্দ্ৰীয় কাৰ্যবাহী সমিতিৰ সভা। দ্বিতীয় দিনা চহিদ তৰ্পণৰ পাছত পতাকা উত্তোলন কৰা হ’ব। তাৰ পাছত প্ৰতিনিধি সভা আৰু মুকলি সভা।

মুকলি সভাত পানেৰিৰ বিধায়ক কমলী বসুমতাৰীয়ে নিয়োজিত বক্তা হিচাপে নিজৰ বক্তব্য ৰাখিব। টংলা মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ মুৰব্বী ঘাটেশ্বৰ বৰুৱাই স্মৃতিগ্ৰন্থ ‘শক্তি কণ্ঠ’ উন্মোচন কৰিব। উক্ত দিনাই আয়োজিত হ’বলগীয়া সাংস্‌কতিক সন্ধিয়াত বিশিষ্ট গায়ক বিপিন চাউদাঙে সংগীত পৰিৱেশন কৰিব। প্ৰতিনিধি অধিৱেশন কাৰ্যসূচীৰ সৈতে এই ৩ দিনীয়া আলোচনাচক্ৰৰ সামৰণি পৰিব।