NORTHEAST NOW (Assamese)

যোৰহাট আৰক্ষীৰ হাতত গ্ৰেপ্তাৰ দুজন বন্দুক সৰবৰাহকাৰী

March 29, 2022 7:09 am · এন ই নাও নিউজ, যোৰহাট
ফটো: নৰ্থইষ্ট নাও।

যোৰহাট আৰক্ষীয়ে সোমবাৰে দুজন বন্দুক সৰবৰাহকাৰী গ্ৰেপ্তাৰ কৰে। ব্যক্তি দুজন হৈছে ইন্দ্ৰেশ্বৰ শইকীয়া আৰু বুবুল গগৈ।

এখন AS-03-B-5443 নম্বৰৰ চুজুকি চামুৰাই মটৰচাইকেল সহ তেওঁলোকক কৰায়ত্ত কৰা হয়।

উপ আৰক্ষী অধীক্ষক মামণি হাজৰিকাৰ নেতৃত্বত যোৱা এক বৃহৎ আৰক্ষীৰ দলে মৰিয়নিৰ পৰা বন্দুক সৰবৰাহকাৰী দুজনক গ্ৰেপ্তাৰ কৰে।   

ইতিমধ্যে কৰায়ত্ত কৰা লোক দুজনৰ এজনক যোৰহাটৰ পুলিবৰৰ বুলি জানিব পৰা গৈছে l

যোৰহাট আৰক্ষীয়ে গোটেই ঘটনাটোৰ তদন্ত অৱ্যাহত ৰাখিছে।

উল্লেখ্য যে অসামাজিক কামত জড়িত লোকৰ বাবে মূৰৰ কামোৰণি হৈ পৰিছে যোৰহাটৰ উপ আৰক্ষী অধীক্ষক মামনি হাজৰিকা। 

Related News