NORTHEAST NOW (Assamese)

BREAKING NEWS সুৰাসক্ত ৰাজকন্যাৰ গাড়ীৰ খুন্দাত দুয়োখন ভৰি হেৰুওৱা শ্ৰমিক যোছেফ মাৰাকৰ মৃত্যু

November 10, 2021 10:50 am · কল্পজ্যোতি শইকীয়া, গুৱাহাটী
Updated: November 11, 2021 3:14 pm

শেহতীয়াকৈ আহি পৰিছে এক মৰ্মান্তিক খবৰ ।

সুৰাৰ ৰাগীত মাতাল হৈ মডেল ৰাজকন্যাই গাড়ীৰে মহতিয়াই নিয়া শ্ৰমিক যোছেফ মাৰাকৰ আজি মৃত্যু ঘটে।

ৰাজকন্যাৰ গাড়ীৰ খুন্দাত শ্ৰমিক যোছেফৰ এখন ভৰি ঠাইতে চিগি যোৱাৰ লগতে আন খন ভৰিও গুৱাহাটী চিকিৎসা মহাবিদ্যালয় চিকিৎসালয়ত কাটি পেলাবলগীয়া হৈছিল।

মেঘালয়ৰ গাৰো পাহাৰৰ বাসিন্দা যোছেফ মাৰাকে ২ অক্টোৱৰৰ পৰাই গুৱাহাটী চিকিৎসা মহাবিদ্যালয় চিকিৎসালয়ত চিকিৎসাধীন হৈ আছিল।

অৱশেষত আজি পুৱা ১০ বজাত মৃত্যু হয় মাৰাকৰ৷

আজি পুৱা ৫-৩০ বজাত মাৰাকহৃদৰোগত আক্ৰান্ত হয়।

চিকিৎসকে তেওঁক ভেণ্টিলেটৰত ভৰ্তি কৰে যদিও পুৱা ১০ বজাত তেওঁৰ মৃতু ঘটে।

বহুদিন বিচনাত পৰি থকা বাবে হাওঁফাওঁলৈ যোৱা ৰক্ত পৰিবাহী সিৰা বন্ধ হৈ যোৱা লগতে সমগ্র শৰীৰত ‘চেপ্তিক ফৰ্ম’ হোৱা বাবে মৃত্যুমুখত পৰে যোছেফ।

গুৱাহাটী চিকিৎসা মহাবিদ্যালয় চিকিৎসালয় কৰ্তৃপক্ষই এই কথা নিশ্চিত কৰিছে।

উল্লেখ্য মাৰাক আছিল পৰিয়ালৰ একমাত্ৰ উপাৰ্জন কৰা ব্যক্তি। মাৰাকৰ মৃত্যুৰ লগে লগে তেওঁৰ পৰিয়ালটোৱে এতিয়া অন্ধকাৰ দেখিছে।

উল্লেখযোগ্য যে, সান্ধ্য আইনৰ মাজতে দিছপুৰত ভয়ংকৰ দুৰ্ঘটনা সংঘটিত কৰা ৰাজকন্যা বৰুৱাক জামিনৰ সুযোগ দিয়া হৈছিল যদিও পিছত ব্যাপক প্ৰতিবাদত সেওঁ মানি আৰক্ষীয়ে ৰাজকন্যাক গ্ৰেপ্তাৰ কৰিছিল।

ৰাজকন্যাৰ বিৰুদ্ধে শেহতীয়াকৈ দিছপুৰ আৰক্ষীয়ে মাত্ৰ ডেৰ পৃষ্ঠাৰ অভিযোগনামা আদালতত দাখিল কৰিছে।বহু প্ৰভাৱশালী লোকৰ সান্নিধ্যত থকা ৰাজকন্যাক বচাবলৈ বহুতে চেষ্টা চলোৱাৰো অভিযোগ উঠিছিল।

গুৱাহাটীৰ ৰুক্মিণীগাঁৱত সুৰামত্ত অৱস্থাত গাড়ীৰে ন গৰাকীকৈ শ্ৰমিকক মহতিয়াই নিছিল যুৱতী ৰাজকন্যা বৰুৱাই ।

উল্লেখ্য যে ৰাজকন্যা বৰুৱাৰ বিৰুদ্ধে প্ৰথমাৱস্থাত ভাৰতীয় দণ্ডবিধি আইনৰ ২৭৯, ২৯৪, ৩৮৮ আৰু ৩৫৩ ধাৰাত গোচৰ ৰুজু কৰিছিল আৰক্ষীয়ে। ইয়াৰে তিনিটা ধাৰা হৈছে জামিনযোগ্য।

সেইকেইটা হৈছে, ক্ৰমে দ্ৰুত গতিৰে গাড়ী চলোৱা, ৰাজহুৱা স্থানত অশালীন ব্যৱহাৰ কৰা আৰু দ্ৰুত গতিৰে গাড়ী চলাই মানুহক খুন্দিওৱা আদি। ফলত ৰাজকন্যাই জামিন পাইছিল।

কিন্তু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ হস্তক্ষেপ আৰু ছ’চিয়েল মিডিয়াত হোৱা ব্যাপক প্ৰতিবাদৰ পিছত আৰক্ষীয়ে ৰাজকন্যাক পুনৰ গ্ৰেপ্তাৰ কৰিবলৈ বাধ্য হৈছিল।

সুৰামত্ত ৰাজকন্যাই নিশা ভিভান্তাত বাৰ্থ ডে পাৰ্টি কৰি আহি মহতিয়াইছিল যোচেফৰ লগতে ৯ গৰাকী লোকনির্মাণ বিভাগৰ শ্ৰমিকক।

ফলত দুয়োখন ভৰি কাটি পেলাব লগা হৈছিল যোছেফৰ।

Related News