NORTHEAST NOW (Assamese)

সাম্প্রদায়িক বিষবাষ্প বিয়পোৱা অর্ণৱ গোস্বামীৰ বিৰুদ্ধে গোচৰ ৰুজু কৰাৰ দাবী দেশৰ এগৰাকী সাংবাদিকৰ

April 23, 2020 10:42 am · এন ই নাও নিউজ
Updated: April 23, 2020 10:48 am

ৰিপাব্লিক টিভিৰ মুখ্য সম্পাদক অৰ্ণৱ গোস্বামীৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ উত্থাপন কৰিছে দেশৰ অন্য এগৰাকী সাংবাদিক অভিষাৰ শৰ্মাই। লাইভ টিভিৰ যোগে সম্প্ৰচাৰিত এক ভিডিঅ’ যোগে এই অভিযোগ সাংবাদিক শৰ্মাৰ।

এবিপিৰ প্ৰাক্তন সাংবাদিক অভিষাৰ শৰ্মাই অভিযোগ কৰে যে ৰিপাব্লিক টিভিৰ মুখ্য সম্পাদক অৰ্ণৱ গোস্বামীয়ে দেশত সাম্প্ৰদায়িক বিষবাষ্প বিয়পাই আহিছে।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক সাংবাদিক অভিষাৰ শৰ্মাই অৰ্ণৱ গোস্বামীৰ বিৰু্দ্ধে দেশত সাম্প্ৰদায়িক বিষবাষ্প বিয়পোৱাৰ অভিযোগত গোচৰ ৰুজু কৰা উচিত।

তেওঁ অৰ্ণৱ গোস্বামীৰ বিৰুদ্ধে এজাহাৰ দাখিল ব্যৱস্থা ল’বলৈও দাবী জনাইছে চৰকাৰক।

তেওঁ অভিযোগ কৰে যে অৰ্ণৱ গোস্বামীয়ে কংগ্ৰেছ নেত্ৰী ছোনিয়া গান্ধীৰ বিৰুদ্ধে অসৌজন্যমূলক আচৰণ আৰু মন্তব্য কৰিছে।

লগতে পঢ়ক : সাংবাদিক অৰ্ণৱ গোস্বামীক মুম্বাইত আক্ৰমণ; কংগ্ৰেছৰ ওপৰত অভিযোগ

আনহাতে তেওঁ এইবুলিও কয় যে পালঘৰ গণপ্ৰহাৰ কাণ্ডত কোনো ইছলাম ধৰ্মাৱলম্বী লোক জড়িত থকাৰ প্ৰমাণ নাই। হিন্দু লোকেই দুই হিন্দু সন্যাসী হত্যা কৰিছে।এই ঘটনাক অৰ্ণৱ গোস্বামীয়ে সাম্প্ৰদায়িক ৰং দি অপপ্ৰচাৰ চলাইছে আৰু ইয়াৰ দ্বাৰা এই সংকটৰ সময়ত দেশৰ সম্প্ৰীতিক বিনষ্ট কৰাৰ কুপ্ৰয়াস কৰিছে।

সাংবাদিক অভিষাৰ শৰ্মাই গুৰুতৰ অভিযোগ কৰি কয় যে অৰ্ণৱ গোস্বামীয়ে গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ সংবাদ মাধম্যক সাম্প্ৰদায়িকতালৈ ৰূপান্তৰিত কৰিছে। সাংবাদিকতাৰ নীতি আৰ্দশ বাদ দি চতুৰ্থ স্তম্ভক অপব্যৱহাৰ কৰি আহিছে।

উল্লেখ্য যে পালঘৰ গণপ্ৰহাৰ কাণ্ডকলৈ অৰ্ণৱ গোস্বামীয়ে নিজৰ লাইভ শ্ব’ত কংগ্ৰেছ নেত্ৰী ছোনিয়া গান্ধী অতি নিন্দনীয় আৰু কটু মন্তব্য মন্তব্য কৰিছিল।

শৰ্মাই গোস্বামীয়ে দেশৰ দৰিদ্ৰ জনগণকো অপমান কৰিছে বুলি অভিযোগ কৰিছে।

লগতে পঢ়ক : এডিটৰ্ছ গীল্ড অৱ ইণ্ডিয়াৰ পৰা পদত্যাগ অৰ্ণৱ গোস্বামীৰ; সম্পাদকীয় নীতি আপোচ কৰাৰ অভিযোগ গোস্বামীৰ

অভিষাৰ শৰ্মাই স্পষ্টভাৱে কয় যে অৰ্ণৱ গোস্বামীয়ে এটা নিৰ্দিষ্ট ৰাজনৈতিক দলৰ চুপাৰি লৈ দলটোৰ নীতি আৰ্দশ প্ৰচাৰ কৰে বুলিও অভিযোগ কৰে।

দেশত সাম্প্ৰদায়িক বিষবাষ্প বিয়পোৱা সংবাদ প্ৰতিষ্ঠানক নিয়ন্ত্ৰণ কৰিবলৈও চৰকাৰক আহ্বান জনায় সাংবাদিক অভিষাৰ শৰ্মাই।

Related News