NORTHEAST NOW (Assamese)
Popular Stories

এপেক্স বেংকৰ অভ্যন্তৰত সংঘটিত অনিয়ম সন্দৰ্ভত পৰিচালন সঞ্চালকক প্ৰশ্ন সোধাৰ বাবেই আটক সাংবাদিক!

Posted by: এন ই নাও নিউজ, গুৱাহাটী Updated by: এন ই নাও নিউজ, গুৱাহাটী March 25, 2025 4:31 pm

এপেক্স বেংকৰ অভ্যন্তৰত সংঘটিত অনিয়ম সন্দৰ্ভত পৰিচালন সঞ্চালকক প্ৰশ্ন সোধাৰ বাবেই আটক সাংবাদিক দিলোৱাৰ হুছেইন মজুমদাৰ!

ঘটনা অনুসৰি, এপেক্স বেংকৰ অভ্যন্তৰত সংঘটিত হোৱা দুৰ্নীতি-অনিয়মৰ তদন্তৰ দাবীত গুৱাহাটীৰ পাণবজাৰস্থিত বেংকটোৰ মুখ্য কাৰ্যালয়ৰ সন্মুখত আজি দুপৰীয়া অসম জাতীয় পৰিষদৰ ভাতৃ সংগঠন জাতীয় যুৱ শক্তিয়ে ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰিছিল।

এই কাৰ্যসূচীৰ বাতৰি সংগ্ৰহ কৰিবলৈ যোৱা The CrossCurrentৰ জ্যেষ্ঠ সাংবাদিক, গুৱাহাটী প্ৰেছ ক্লাবৰ সহকাৰী সম্পাদক দিলোৱাৰ হুছেইন মজুমদাৰে এপেক্স বেংক কৰ্তৃপক্ষৰ মতামত লবলৈ বেংকৰ পৰিচালন সঞ্চালক ডম্বৰু শইকীয়াৰ সাক্ষাৎকাৰ বিচাৰি বেংকত উপস্থিত হৈছিল। কিন্তু বেংক কৰ্তৃপক্ষই সাংবাদিকৰ প্ৰশ্নৰ উত্তৰ দিয়াৰ সলনি আৰক্ষীক খবৰ দিয়ে আৰু আৰক্ষীয়ে সংবাদিকগৰাকীক আটক কৰি নি পাণবজাৰ থানাত বহুৱাই থৈ দিছে।

কৰ্তব্যৰত সাংবাদিকক এনেদৰে কৰ্তব্য সম্পাদনত বাধা দি সংবাদ মাধ্যমৰ কণ্ঠৰুদ্ধ কৰিবলৈ বিচৰা ঘটনাক সকলোৱে একেমুখে গৰিহণা দিছে।