NORTHEAST NOW (Assamese)

অৱশেষত নিয়তিৰ ওচৰত হাৰ মানিলে গাজিয়াবাদৰ গুলীবিদ্ধ সাংবাদিকে

July 22, 2020 1:51 pm · এন ই নাও নিউজ
Updated: July 22, 2020 1:56 pm

নিজৰ ভতিজীৰ ওপৰত হোৱা যৌন নিৰ্যাতনৰ প্ৰতিবাদ জনাবলৈ গৈ কৰুণ মৃত্যক সাৱটি লবলগীয়া হ’ল গাজিয়াবাদৰ সাংবাদিক বিক্ৰম যোশীয়ে।
সোমবাৰে নিশা প্ৰায় ১০-৩০ বজাত নিজৰ দুই নাবালিকা কন্যাৰ সৈতে মটৰ চাইকেলেৰে গৈ থকা অৱস্থাতে মাতা ক’লনি অঞ্চলত দুৰ্বৃত্তই সাংবাদিক যোশীক লাঠীৰে প্ৰহাৰ কৰাৰ লগতে মূৰত গুলীয়াইছিল।

ইয়াৰ পিছতে সাংবাদিক গৰাকীক গাজিয়াবাদৰ যশোদা চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল।

চিকিৎসকৰ বহু চেষ্টাৰ পিছতো যোৱা নিশা সাংবাদিক গৰাকীয়ে মৃত্যুক সাৱটি লয়।

লগতে পঢ়ক : ভতিজীৰ ওপৰত যৌন উৎপীড়ন : প্ৰতিবাদ কৰিবলৈ গৈ ৰাজপথত গুলীবিদ্ধ হ’ল সাংবাদিক

সাংবাদিক গৰাকীক আক্ৰমণ কৰাৰ ঘটনা সন্দৰ্ভত চি চি টি ভিৰ ফুটেজৰ ভিত্তিত বিজয় নগৰ আৰক্ষীয়ে এতিয়া লৈকে ৯ জন লোকক গ্ৰেপ্তাৰ কৰিছে।

গ্ৰেপ্তাৰ কৰা অপৰাধী কেইজনৰ ভিতৰত মূল অপৰাধী ৰাজুও আছে।

সাংবাদিক হত্যাৰ ঘটনাটোৱে সমগ্ৰ দেশতে প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰাৰ সময়তে উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্য নাথে নিহত সাংবাদিক গৰাকীৰ পৰিয়ালক ১০ লাখ টকাৰ আৰ্থিক সাহায্য প্ৰদান কৰিব বুলি ঘোষণা কৰিছে।

আজি গাজিয়াবাদৰ জিলা দণ্ডাধীশ অজয় শংকৰ পাণ্ডেই এই কথা প্ৰকাশ কৰিছে।

ইপিনে কৰ্ত্যৱত গাফিলতি কৰাৰ বাবে বিজয় নগৰ থানাৰ এজন বিষয়াক নিলম্বন কৰা হৈছে

Related News