• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Sunday, January 24, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

ভতিজীৰ ওপৰত যৌন উৎপীড়ন : প্ৰতিবাদ কৰিবলৈ গৈ ৰাজপথত গুলীবিদ্ধ হ’ল সাংবাদিক

চিটি টিভিত বন্দী হৈ ৰ'ল সমগ্ৰ ঘটনাক্ৰম

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , July 21, 2020 4:37 pm

2 min read

Journalist
5.4k
VIEWS
Share on FacebookShare on Twitter

এগৰাকী যুৱতীক কৰা যৌন উৎপীড়ন প্ৰতিবাদ কৰিবলৈ গৈ গুলীবিদ্ধ হৈছে বিক্ৰম যোশী নামৰ এজন সাংবাদিক।

এই লোমহৰ্ষক ঘটনাটো সংঘটিত হৈছে উত্তৰ প্ৰদেশৰ গাজিয়াবাদ জিলাৰ বিজয়নগৰ এলেকাত।

ঘটনাৰ বিৱৰণী অনুসৰি সাংবাদিক গৰাকীৰ ভতিজীক কিছুদিনৰ পৰা কেইজনামন লোকে যৌন উৎপীড়ন চলোৱাৰ চেষ্টা কৰি আহিছিল।

সাংবাদিকজনে এই সংক্ৰান্তত কিছুদিন পূৰ্বে বিজয়নগৰ আৰক্ষীৰ থানাত এক লিখিত অভিযোগ দাখিল কৰে।

থানাত লিখিত অভিযোগ দাখিল কৰাৰ বাবেই এই আক্ৰমণৰ ঘটনা সংঘটিত কৰিছে উদণ্ড লোককেইজনে।

যোৱা নিশা নিজ ভতিজীক লগত লৈ বাইকেৰে গৈ থকা অৱস্থাত সাংবাদিকজনক ৰাজপথত আগচি ধৰি উদণ্ড লোককেইজনে নৃশংসভাৱে আক্ৰমণ কৰে।

সাংবাদিকজনক ১০ এজনীয়া এটা দলে আগচি ধৰি লাঠিৰে প্ৰহাৰ কৰে। লোককেইজনে সাংবাদিক বিক্ৰমক আক্ৰমণ কৰি থাকোতেই যুৱতীগৰাকী পলাই গৈ নিজক ৰক্ষা কৰে।

Journalist Vikram Goshi is in critical condition after he was shot in the head in #Ghaziabad by men accused of molesting her niece. He had recently filed police complaint against the molester. He was with daughters during the attack. Police ignored his complaint @Uppolice pic.twitter.com/HoAwiCsj3d

— Saurabh Trivedi (@saurabh3vedi) July 21, 2020

ইয়াৰ পিছতে দলটোৱে একাধিকবাৰ গুলীচালনা কৰে আৰু ইয়াৰে এটা গুলীয়ে বিক্ৰম যোশীৰ মূৰত আঘাত কৰে।

বিক্ৰম যোশী গুলীবিদ্ধ হোৱাৰ পিছতে দলটো সেই ঠাইৰ পৰা পলায়ন কৰে।

পিছত স্থানীয় লোকে গুলীবিদ্ধ বিক্ৰমক স্থানীয় চিকিৎসালয়ত ভৰ্তি কৰে।

বৰ্তমান গুলীবিদ্ধ বিক্ৰমৰ অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে।

বিক্ৰম যোশীৰ পৰিয়ালে দাবী কৰিছে যে কিছুদিন পূৰ্বে তেওঁলোকৰ ছোৱালীজনীক যৌন উৎপীড়ন চলোৱাৰ বিৰুদ্ধে থানাত অভিযোগ দাখিল কৰাৰ বাবেই বিক্ৰমৰ ওপৰত প্ৰাণঘাটি আক্ৰমণ চলোৱা হৈছে।

ইফালে সমগ্ৰ ঘটনাক্ৰম চিচি টিভি কেমেৰাত বন্দী হৈছে।

ইতিমধ্যে বিজয়নগৰ থানাৰ আৰক্ষীয়ে ঘটনা সন্দৰ্ভত পাঁচজন লোকক গ্ৰেপ্তাৰ কৰি তদন্ত প্ৰক্ৰিয়া ক্ষীপ্ৰতৰ কৰিছে বুলি জানিব পৰা গৈছে।

Recent News

WhatsApp Image 2021-01-24 at 7.46.49 AM

অষ্ট্ৰেলিয়া ভ্ৰমণত অভিষক ঘটা ৫ ক্ৰিকেটাৰৰ লগতে শাৰ্দুলকো THAR-SUV উপহাৰ দিলে মহিন্দ্ৰাই

WhatsApp Image 2021-01-24 at 6.59.34 AM

নৃশংস! কাণত জুঁই লগাই দিয়াৰ পাছত হাতীৰ মৃত্যু; দুজনক গ্ৰেপ্তাৰ

IMG_20210123_191432~2

অন্ত পৰিল বোকাখাতত অনুষ্ঠিত ৰাষ্ট্ৰীয় কৃষি আৰু উদ্যান শস্য প্ৰদৰ্শনীৰ; শ্ৰেষ্ঠ প্ৰদৰ্শনকাৰীলৈ বঁটা

Deadbody

শিৱসাগৰত চাঞ্চল্য: প্ৰধানমন্ত্ৰীৰ সভাস্থলীৰ কাষতে উদ্ধাৰ চিকিৎসকৰ মৃতদেহ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd